নেশ্যনেল ডেস্ক, ২১ জুলাই: আত্মহননৰ পথ বাচি ল'লে কেৰালাৰ প্ৰথমগৰাকী তৃতীয় লিংগৰ ৰেডিঅ' জকী আনান্নায়াহ কুমাৰী এলেক্সে(Anannyah Kumari Alex) । মঙলবাৰে কোচিস্থিত বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় আনান্নায়াহ কুমাৰীৰ মৃতদেহ । উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেৰালা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে প্ৰথমবাৰৰ বাবে তৃতীয় লিংগৰ ব্য়ক্তিয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । এই প্ৰাৰ্থীগৰাকী হৈছে আনান্নায়াহ কুমাৰী এলেক্স ।
মঙলবাৰে আৰক্ষীয়ে কোচিস্থিত বাসগৃহৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এয়া আত্মহত্যা বুলিয়েই সন্দেহ কৰা হৈছে । কেইসপ্তাহমান আগতে, আনান্নায়াহে প্ৰকাশ কৰিছিল যে, যোৱা বছৰ জুনত লিংগ পুনঃনিৰ্ধাৰণ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত তেওঁ গুৰুতৰভাৱে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল । আনান্নায়াহে এগৰাকী চিকিৎসক আৰু এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে অভিযোগো উত্থাপন কৰিছিল । আনান্নায়াহৰ মতে, অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ এবছৰ পাছতো বিষ হৈ থকা বাবে তেওঁ কাম কৰিব পৰা নাছিল ।