নিউজ ডেস্ক, ৭ নৱেম্বৰ :মঙলবাৰে অনুষ্ঠিত হয় ছত্তীশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । এইবাৰ বস্তাৰ সংমণ্ডলৰ বাবে ভোটগ্ৰহণ বিশেষ হিচাপে পৰিগণিত হৈছে । কিয়নো জগদলপুৰ জিলাৰ চান্দামেটা গাঁৱত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । আনহাতে, ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ পিছত ভোটাৰসকলক অতি সুখী দেখা যায় ।
ছত্তীশগড় আৰু ওড়িশাৰ সীমাত অৱস্থিত দৰ্ভা উন্নয়ন খণ্ডৰ চান্দামেটা গাঁও হৈছে নক্সাল অধ্যুষিত অঞ্চল । ইয়াৰ পূৰ্বে এই অঞ্চলটোত সদায়ে নক্সালবাদীৰ উপস্থিতি আছিল । গাঁওখনত নক্সালবাদীৰ এটা প্ৰশিক্ষণ শিবিৰো আছিল । ইয়াত নক্সালবাদীক প্ৰশিক্ষণ দিয়া হৈছিল । অৱশ্যে নক্সালবাদীৰ প্ৰশিক্ষণ ক্ষেত্ৰ এতিয়াও তাত বিদ্যমান । মাত্ৰ এবছৰ পূৰ্বে নিৰাপত্তা বাহিনীয়ে তাত এটা শিবিৰ মুকলি কৰে । তাৰ পিছত এখন বিদ্যালয় আৰু এতিয়া তাত ভোটকেন্দ্ৰ স্থাপন হৈছে ।
উল্লেখ্য যে জগদলপুৰ জিলাৰ অতি দূৰৱৰ্তী নক্সাল প্ৰভাৱিত গাঁও চান্দামেটাত প্ৰথমবাৰৰ বাবে এই ভোটকেন্দ্ৰটো স্থাপন কৰা হৈছে । আনহাতে, স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে গাঁওখনৰ ভোটাৰে তেওঁলোকৰ নিজৰ গাঁৱত ভোট দিছে । গাঁওবাসীয়ে নিজৰ ঘৰৰ পৰা কিছু দূৰৈত অৱস্থিত প্ৰাথমিক বিদ্যালয়লৈ গৈ ভোটদান কৰি উৎসাহিত হোৱা দেখা গৈছে । তেওঁলোকে গাঁওখনত ভোটদান কৰি অত্যন্ত সুখী বুলিও উল্লেখ কৰে ।