অসম

assam

ETV Bharat / bharat

40th Agartala Book fair : ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলাৰ প্ৰথমখন প্ৰস্তুতি সভা

২০২২ চনত অনুষ্ঠিত হ'বলগীয়া ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলাৰ বাবে প্ৰস্তুতি আৰম্ভ (Preparation for 40th Agartala Book fair) । মঙলবাৰে আগৰতলা গ্ৰন্থমেলাৰ প্ৰথমখন প্ৰস্তুতি সভা অনুষ্ঠিত হয় । ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত অনুষ্ঠিত সভাত উপস্থিত থাকে তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰী, বিধায়িকা মিমি মজুমদাৰ, মেয়ৰ দীপক মজুমদাৰ ।

40th Agartala Book fair
৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলাৰ প্ৰথম খন প্ৰস্তুতি সভা

By

Published : Dec 15, 2021, 1:05 PM IST

নেশ্যনেল ডেস্ক, ১৫ ডিচেম্বৰ: মঙলবাৰে আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত অনুষ্ঠিত হয় ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলাৰ প্ৰথম খন প্ৰস্তুতি সভা (First preparatory meeting of Agartala book fair) । ৪০ সংখ্যক আগৰতলা গ্ৰন্থমেলা এইবাৰ আগৰতলা চহৰতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷

মঙলবাৰে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ প্ৰথমখন প্ৰস্তুতি সভাত তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰী, বিধায়িকা মিমি মজুমদাৰ, মেয়ৰ দীপক মজুমদাৰ, উপ মেয়ৰ মনিকা দাস দত্ত, আগৰতলা প্ৰেছ ক্লাবৰ সভাপতি প্ৰণৱ শংকৰ আৰু জ্যেষ্ঠ সাংবাদিক সুবল কুমাৰ দে উপস্থিত থাকে । লগতে টি আই ডি চিৰ অধ্যক্ষ টিংকু ৰয়, তথ্য বিভাগৰ সচিব পি কে গোৱেল, ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অৰুণোদয় সাহাৰ উপৰিও চৰকাৰী বিভিন্ন বিভাগৰ বিষয়া সভাত উপস্থিত থাকে ।

সভাত মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে, বিভাগটোৱে ৰাজ্যিক ভিত্তিক গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ আগতে মহকুমা ভিত্তিক গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে । ৰাজ্যখনৰ ২৩ টা মহকুমাত গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো জটিল হৈ পৰিব বাবে ১০-১২ টা নিৰ্বাচিত মহকুমাত গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । জিলা, মহকুমা প্ৰশাসন, পৌৰ পৰিষদ আৰু পঞ্চায়তৰ সহায়ত গ্ৰন্থমেলা আয়োজন কৰা হ'ব ।

শীঘ্ৰেই এই বিষয় সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰা হ'ব বুলি সুশান্ত চৌধুৰীয়ে মন্তব্য় কৰে । তেওঁ লগতে কয় যে, বৰ্তমানৰ চৰকাৰে গ্ৰন্থ বিক্ৰেতাসকলক সহায় কৰাৰ বাবে সাজু আছে । সংস্কৃতি অবিহনে কোনো দেশ তথা ৰাজ্য আগবাঢ়ি যাব নোৱাৰে । ত্ৰিপুৰা ৰাজ্যৰ নিজা সংস্কৃতি আছে । এইবাৰ গ্ৰন্থমেলাত মহিলাসকলৰ বাবে দুটা বিশেষ বঁটা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে ।

লগতে পঢ়ক: Tripura Board exams : ত্ৰিপুৰাত আজিৰে পৰা আৰম্ভ উচ্চ মাধ্যমিকৰ পৰীক্ষা

ABOUT THE AUTHOR

...view details