আগৰতলা, 3 মাৰ্চ : আগৰতলাৰ জিবি পন্ত চিকিৎসালয়ৰ চিকিৎসকসকলে দহ বছৰীয়া নাবালিকা এগৰাকীৰ হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে (open heart surgery of a ten year old) । বুধবাৰে ,এক প্ৰেছ বিজ্ঞপ্তিত পৰিয়াল কল্যাণ আৰু ৰোগ প্ৰতিৰোধ বিভাগৰ বিষয়াসকলে এই বিষয়ে জানিবলৈ দিয়ে ৷
তেওঁলকে সদৰি কৰে যে, আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় (এজিএমচি) আৰু জিবিপি চিকিৎসালয়ৰ কাৰ্ডিঅ'-থোৰাচিক এণ্ড ভাস্কুলাৰ এণ্ড ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজী (চিটিভিএছ আৰু আইআৰ) বিভাগে এগৰাকী দহ বছৰীয়া ছোৱালীৰ হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰে (pediatric open heart surgery of children) ।