অসম

assam

ETV Bharat / bharat

Exercise Orion in France : ফ্ৰান্সৰ বৃহৎ সামৰিক অনুশীলনত থাকিব ভাৰতৰ ৰাফেল

প্ৰথমবাৰলৈ বিদেশৰ অনুশীলনত অংশ ল'ব ভাৰতৰ ৰাফেল বিমানে । ১৭ এপ্ৰিলৰ পৰা ফ্ৰান্সত অনুষ্ঠিত হ'বলগীয়া অৰিয়ন সামৰিক অনুশীলনত ভাগ ল'ব ভাৰতীয় বায়ু সেনাই (IAF to participate in Exercise Orion)। চাৰিখন ৰাফেল, দুখন চি-১৭, দুখন এলএল-৭৮ বিমানৰ সৈতে ১৬৫ গৰাকী ভাৰতীয় বায়ু সেনাৰ যোদ্ধা অনুশীলনৰ বাবে ৰাওনা হ'ব ।

Exercise Orion in France
ফ্ৰান্সৰ বৃহৎ সামৰিক অনুশীলনত থাকিব ভাৰতৰ ৰাফেল

By

Published : Apr 13, 2023, 9:17 PM IST

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল :ফ্ৰান্সত ১৭ এপ্ৰিলৰ পৰা ৫ মে'লৈ অনুষ্ঠিত হ'ব বায়ু সেনাৰ অৰিয়ন শীৰ্ষক বিশেষ অনুশীলন (Exercise Orion in France)। ফ্ৰান্সৰ বায়ু আৰু মহাকাশ বাহিনীৰ (এফএএছএফ) বায়ু সেনাঘাটি মণ্ট-ডি-মাৰ্চানত অনুষ্ঠিত হ'ব এই অনুশীলন । এই অনুশীলনত অংশ ল'ব ভাৰতীয় বায়ু সেনা বাহিনীয়ে । সেই উদ্দেশ্যে শুকুৰবাৰে ভাৰতীয় বায়ু সেনাৰ এটা দল ফ্ৰান্সলৈ ৰাওনা হ'ব । য'ত চাৰিখন ৰাফেল বিমান, দুখন চি-১৭, দুখন এলএল-৭৮ বিমান আৰু ১৬৫ গৰাকী বিমান যোদ্ধা থাকিব । ভাৰতীয় বায়ু সেনাৰ ৰাফেল বিমানৰ বাবে এয়া প্ৰথম বিদেশী অনুশীলন হ'ব (First overseas exercise for IAFs Rafale)।

আইএএফ আৰু এফএএছএফৰ উপৰিও জাৰ্মানী, গ্ৰীচ, ইটালী, নেডাৰলেণ্ড, ব্ৰিটেইন, স্পেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাইও এই বহুপাক্ষিক অনুশীলনত অংশ ল'ব । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কোৱা মতে অনুশীলনত অংশগ্ৰহণে আন আন দেশৰ বায়ু সেনাৰ পৰা সৰ্বশ্ৰেষ্ঠ পদ্ধতি গ্ৰহণ কৰি ভাৰতীয় বায়ু সেনাৰ নিযুক্তি দৰ্শনক অধিক সমৃদ্ধ কৰিব । ফ্ৰান্সৰ বায়ু সেনাই তেওঁলোকৰ ৰাফেল আৰু মিৰাজ-২০ যুঁজাৰু বিমানৰ সৈতে নাটো আৰু অন্যান্য মিত্ৰশক্তিৰ সৈতে অনুশীলনত অংশগ্ৰহণ কৰিব (IAF to participate in Exercise Orion)।

আইএএফৰ ৰাফেল বিমানবোৰ পূৰ্বে ভাৰতৰ ভিতৰতে অনুষ্ঠিত অনুশীলনত বিদেশী দেশৰ বিমানৰ সৈতে অংশগ্ৰহণ কৰিছিল । তাৰ ভিতৰত আছে যোধপুৰত ফৰাচী বায়ু সেনাৰ সৈতে হোৱা ডেজাৰ্ট নাইট অনুশীলন ।

খবৰ অনুসৰি অৰিয়ন হৈছে ফ্ৰান্সৰ প্ৰতিৰক্ষা বাহিনীৰ দ্বাৰা আয়োজিত সৰ্ববৃহৎ বহুজাতিক অনুশীলন, যিয়ে তেওঁলোকৰ মিত্ৰশক্তি আমেৰিকা যুক্তৰাজ্য আৰু ইউকেৰ সৈতে তেওঁলোকৰ সেনা, নৌ সেনা আৰু বায়ু সেনাক জড়িত কৰিছে । খবৰ অনুসৰি ৭,০০০ তকৈও অধিক নাটো সৈন্যই তেওঁলোকৰ নাটো মিত্ৰশক্তিৰ স্থল বাহিনীৰ সৈতে জড়িত অনুশীলনত অংশগ্ৰহণ কৰিছে । ৰাফেল বিমানখন ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হোৱা শেহতীয়া যুঁজাৰু আৰু সমগ্ৰ এছিয়াত আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক :Asad Encounter by UP STF : এনকাউণ্টাৰত নিহত মাফিয়া আতিক আহমেদৰ পুত্ৰ আছাদ

ABOUT THE AUTHOR

...view details