অসম

assam

ETV Bharat / bharat

দিল্লীত পোহৰলৈ আহিছে প্ৰথমটো অ’মিক্ৰণৰ ঘটনা, দেশত আক্ৰান্তৰ সংখ্যা 5 গৰাকীলৈ বৃদ্ধি - দিল্লীত অ’মিক্ৰণৰ শংকা

দেওবাৰে ৰাজধানী দিল্লীত এজন লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ উপস্থিতি (First omicron case detected in Delhi) ৷ টানজানিয়াৰ পৰা ভাৰতলৈ আহিছিল ব্যক্তিগৰাকী ৷

First omicron case detected in Delhi, total case rises to 5 in India
দিল্লীত পোহৰলৈ আহিছে প্ৰথমটো অ’মিক্ৰণৰ ঘটনা, দেশত আক্ৰান্তৰ সংখ্যা 5 লৈ বৃদ্ধি

By

Published : Dec 5, 2021, 1:31 PM IST

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ : ৰাজধানী দিল্লীত পোহৰলৈ আহিছে Omicron ৰ ঘটনা ৷ টানজানিয়াৰ পৰা অহা এজন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ নতুন প্ৰকাৰ Omicron ৰ উপস্থিতি (First omicron case detected in Delhi) ৷ এই কথা নিশ্চিত কৰিছে দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৷

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে যে, বিদেশৰ পৰা অহা সকলো যাত্ৰীৰে ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে ৷ বৰ্তমানলৈকে 17 গৰাকী কৰ’ণা পজিটিভ ৰোগীত LNJP ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে 6 গৰাকী সংক্ৰিমতৰ সংস্পৰ্শলৈ অহা লোক ৷

17 গৰাকী ক’ভিড আক্ৰান্তৰ ভিতৰত 12 গৰাকীৰ স্বাস্থ্যৰ নমুনা Genome Sequencing ৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ চূড়ান্ত ৰিপ’ৰ্ট সোমবাৰে লাভ কৰা যাব যদিও ব্যক্তিগৰাকী Omicron ত আক্ৰান্ত বুলি ধাৰণা কৰা হৈছে ৷

উল্লেখ্য যে, LNGP হাস্পতালক দিল্লী চৰকাৰে কৰ’ণাৰ বাবে মুখ্য হাস্পতাল হিচাপে ঘোষণা কৰিছে ৷ বৰ্তমানলৈকে দেশত পাঁচজনকৈ লোক অ’মিক্ৰণত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ইয়াৰ ভিতৰত কৰ্ণাটকত আক্ৰান্ত হৈছে দুজনকৈ লোক, মহাৰাষ্ট্ৰ, গুজৰাট আৰু দিল্লীত ক্ৰমে এজনকৈ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷

কৰ্ণাটকত আক্ৰান্ত ৰোগী দুজনৰ বয়স ক্ৰমে 66 বছৰ আৰু 46 বছৰ ৷ দুয়োগৰাকী ব্যক্তিয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ওভটিছিল ৷ আনহাতে, শনিবাৰে গুজৰাটত এগৰাকী 72 বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰে অ’মিক্ৰণৰ উপস্থিতি ৷ ব্যক্তিগৰাকী জিম্বাবৱেৰ পৰা ভাৰতলৈ ওভটিছিল ৷

সমান্তৰালকৈ, মুম্বাইত দক্ষিণ আফ্ৰিকাৰ পৰা ডুবাই হৈ অহা এগৰাকী ব্যক্তি অ’মিক্ৰণত আক্ৰান্ত হোৱা বুলি পোহৰলৈ আহিছে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, চীন, বোটছৱানা, নিউজিলেণ্ড, মৰিছাছ, ছিংগাপুৰ, জিম্বাবৱে, ইজৰাইল, হংকং ৰ দৰে অ’মিক্ৰণৰ হাই ৰিস্ক থকা দেশক তালিকাত অন্তৰ্ভূক্ত কৰিছে ৷ এই দেশসমূহৰ পৰা ভাৰতলৈ অহা যাত্ৰীসকলৰ RTPCR পৰীক্ষা বাধ্যতামূলক কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে ৷

লগতে পঢ়ক :Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

ABOUT THE AUTHOR

...view details