অসম

assam

ETV Bharat / bharat

INDIA Coordination Committee Meet: আজি দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ প্ৰথম বৈঠক - INDIA blocs coordination panel meeting

কেন্দ্ৰীয় চৰকাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ঠাইত দেশত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বাবে যোৱাৰ ইংগিত প্ৰত্যাহাৰ কৰা বুলি ওলোৱা বাতৰিৰ মাজতে ইণ্ডিয়া মিত্ৰজোঁটৰ সমন্বয় পেনেলৰ এই বৈঠকখন গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

INDIA Coordination Committee Meet
INDIA Coordination Committee Meet

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:33 AM IST

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ সমন্বয় সমিতিৰ প্ৰথমখন বৈঠক বুধবাৰে দিল্লীত অনুষ্ঠিত হ'ব । এই বিঠকত বিৰোধী মিত্ৰজোঁটৰ নেতাসকলে ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া আগন্তুক লোকসভা নিৰ্বাচনত আসন ভাগ-বতৰাৰ বিষয়ে আলোচনা কৰিব বুলি আশা কৰা হৈছে । নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী শাৰদ পাৱাৰ, কংগ্ৰেছৰ কে চি বেণুগোপাল, আম আদমী পাৰ্টীৰ ৰাঘৱ চাদ্দা, ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱ আৰু তৃণমূল কংগ্ৰেছ দলৰ অভিষেক বেনাৰ্জীকে ধৰি ১৪ জন সদস্যক লৈ গঠিত সমন্বয় সমিতিখনে দিল্লীৰ শৰদ পাৱাৰৰ বাসগৃহত বৈঠকত মিলিত হ'ব ।

কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ঠাইত দেশত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বাবে যোৱাৰ ইংগিত প্ৰত্যাহাৰ কৰা বুলি ওলোৱা বাতৰিৰ মাজতে ইণ্ডিয়া মিত্ৰজোঁটৰ সমন্বয় পেনেলৰ এই বৈঠকখন গুৰুত্বপূৰ্ণ হৈ পৰিছে । কিয়নো বিৰোধী নেতাসকলে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকে এতিয়াৰে পৰা যিকোনো সময়তে একেলগে নিৰ্বাচনৰ বাবেও সাজু থাকিব ।

বুধবাৰৰ সমন্বয় পেনেলৰ বৈঠকৰ পূৰ্বে শিৱসেনাৰ (ইউবিটি) নেতা উদ্ধৱ থাকৰেয়ে মুম্বাইত এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাৎ কৰে আৰু তেওঁলোকে আসন ভাগ-বতৰাৰ উপৰি গ্ৰহণ কৰিবলগা নিৰ্বাচনী ৰণনীতিৰ ওপৰত আলোচনা কৰা বুলি জানিব পৰা গৈছে । তেওঁলোকে মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি আৰু ৰাজ্যখনৰ ৪৮ টা লোকসভা সমষ্টিৰ বাবে আসন বিতৰণৰ ৰোডমেপ সন্দৰ্ভতো আলোচনা কৰে । উল্লেখ্য যে মহাৰাষ্ট্ৰই উত্তৰ প্ৰদেশৰ পিছতে দেশৰ নিম্ন সদনলৈ দ্বিতীয় সৰ্বাধিক সংখ্যক সাংসদ প্ৰেৰণ কৰে ।

ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স চমুকৈ ইণ্ডিয়া মিত্ৰজোঁটৰ তৃতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত বিৰোধী মিত্ৰজোঁটৰ সমন্বয় সমিতি গঠন কৰা হৈছিল । উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএৰ সৈতে যুঁজিবলৈ বিজেপিবিৰোধী দলসমূহৰ বাবে এক ঐক্যবদ্ধ মঞ্চ হৈ পৰিছে ইণ্ডিয়া ।

লগতে পঢ়ক :’Ayushman Bhava’ programme: ‘আয়ুষ্মান ভৱ’ কাৰ্যসূচীৰ প্ৰস্তুতিৰ ভাৰ্চুৱেলী বুজ লয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details