নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ :ভাৰতীয়মূলৰ এগৰাকী মহিলা এইবাৰ নিৰ্বাচিত হৈছে কেলিফৰ্ণিয়া বিধানসভালৈ । বেকাৰচফিল্ডৰ চিকিৎসক জছমিত কৌৰ বেইন্সে কেলিফৰ্ণিয়া বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয়মূলৰ শিখ মহিলা হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে (First Indian origin Sikh in California Assembly)। কাৰ্ণ কাউণ্টিৰ ৩৫ সংখ্যক এচেম্বলী জিলাৰ নিৰ্বাচনত বেইন্সে তেওঁৰ প্ৰতিদ্বন্দী লেটিচিয়া পেৰেজৰ বিৰুদ্ধে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই অগ্ৰগতি লাভ কৰে ।
বুধবাৰে প্ৰকাশ পোৱা কাৰ্ণ কাউণ্টি নিৰ্বাচনৰ ফলাফল অনুসৰি, বেইন্সে ১০,৮২৭ টা ভোট অৰ্থাৎ ৫৮.৯ শতাংশ ভোট লাভ কৰি নিৰ্বাচনৰ দৌৰত জয়ী হয় (Jasmeet Kaur Bains elected to California Assembly)। যিটো সময়ত তেওঁৰ প্ৰতিদ্বন্দী পেৰেজে ৭,৫৫৫ টা ভোট অৰ্থাৎ ৪১.১ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয় ।
বেইন্স হৈছে বেকাৰচফিল্ড ৰিকভাৰী চাৰ্ভিচেছৰ এগৰাকী চিকিৎসা সঞ্চালক (Bains is a medical director at Bakersfield)। তেওঁ বিভিন্ন আসক্তিত থকা প্ৰাপ্তবয়স্কসকলৰ চিকিৎসা কৰে । নিৰ্বাচনী প্ৰচাৰ অভিযানত তেওঁ কৈছিল যে তেওঁ স্বাস্থ্যসেৱা, গৃহহীন লোক, পানীৰ সমস্যা আৰু বায়ু প্ৰদূষণ আদি বিষয়ক প্ৰাথমিকতা দিব । বেইন্সে ডাঙৰ দীঘল হোৱা উত্তৰ কাৰ্ণ কাউণ্টি চহৰ ডেলানোৰ টনিছ ফায়াৰহাউচ গ্ৰিল এণ্ড পিজ্জা নামৰ এখন ৰেষ্টুৰেণ্টত প্ৰায় ১০০ গৰাকী পৰিয়ালৰ সদস্য, বন্ধু আৰু সমৰ্থকৰ সৈতে নিৰ্বাচনৰ বিজয় উদযাপন কৰিছে ।