অসম

assam

ETV Bharat / bharat

Gold ATM in Hyderabad: ভাৰতৰ প্ৰথমটো সোণৰ এটিএম উদ্বোধন - Gold ATM in India

হায়দৰাবাদৰ বেগমপেটত দেশৰ প্ৰথমটো সোণৰ এটিএম উদ্বোধন কৰে তেলেংগানা মহিলা আয়োগৰ অধ্যক্ষা সুনীতা লক্ষ্মাৰেড্ডীয়ে । এই এটিএমৰ জৰিয়তে ৯৯.৯৯ শতাংশ বিশুদ্ধতাৰ সৈতে গ্ৰাহকে ০.৫, ১, ২, ৫, ১০, ২০, ৫০ আৰু ১০০ গ্ৰাম সোণৰ মুদ্ৰা উলিয়াব পাৰিব (CEO of Gold Sikka) ৷

Gold ATM in Hyderabad
ভাৰতৰ প্ৰথমটো সোণৰ এটিএম উদ্বোধন

By

Published : Dec 4, 2022, 5:11 PM IST

নেশ্য়নেল ডেস্ক , ৪ ডিচেম্বৰ: বিজ্ঞানৰ চমকপ্ৰদ আৱিস্কাৰে মানৱ জাতিক নতুন নতুন চিন্তাৰ দিশে আগুৱাই নিছে । সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তা-চৰ্চাৰো বিকাশ হৈছে । এনে বিকাশৰেই ফল হৈছে মুদ্ৰা । এই মুদ্ৰাৰ পিছত নোটৰ প্ৰচলন হ'ল । বেংক ব্য়ৱস্থাত নোটৰ ব্য়ৱহাৰ অধিক সূচল কৰাৰ লগতে গ্ৰাহকে সহজে লাভ কৰাৰ সুবিধাৰ বাবে আৰম্ভ হ'ল এ টি এম । প্ৰথমে নোটৰ এ টি এম আৰু পৰৱৰ্তী সময়ত ঠায়ে ঠায়ে খোৱা পানী ওলোৱা এ টি এমো স্থাপন হ'ল । এইবাৰ ভাৰতত আৰম্ভ হৈছে সোণৰ এটিএম ।

শনিবাৰে হায়দৰাবাদৰ বেগমপেটত দেশৰ প্ৰথমটো সোণৰ এটিএম উদ্বোধন কৰা হয় (Gold ATM in India)। ইয়াত গ্ৰাহকে ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ দ্বাৰা বিচৰা সোণ উলিয়াব পাৰিব (Gold ATM in Hyderabad)। তেলেংগানা মহিলা আয়োগৰ অধ্যক্ষা সুনীতা লক্ষ্মাৰেড্ডীয়ে অশোক ৰঘুপতি চেম্বাৰৰ গোল্ড চিক্কা কোম্পানীৰ কাৰ্যালয়ত স্থাপন কৰা এই এটিএমটো উদ্বোধন কৰে (Telangana Women Commission Chairperson) । তেওঁ সোণৰ এটিএমক বিকশিত প্ৰযুক্তিৰ উদাহৰণ বুলি কয় ।

গোল্ড চিক্কাৰ মুখ্য কাৰ্যবাহী বিষয়া চৈয়দ তাৰুজে কয় যে এই এটিএমৰ জৰিয়তে ৯৯.৯৯ শতাংশ বিশুদ্ধতাৰ সৈতে গ্ৰাহকে ০.৫, ১, ২, ৫, ১০, ২০, ৫০ আৰু ১০০ গ্ৰামৰ সোণৰ মুদ্ৰা উলিয়াব পাৰিব (CEO of Gold Sikka) ৷ সোণৰ মুদ্ৰাৰ লগতে তেওঁলোকৰ মান আৰু গেৰাণ্টি উল্লেখ কৰা নথিপত্ৰও জাৰি কৰা হ'ব বুলি তেওঁ কয় ৷ শীঘ্ৰেই চহৰখনৰ গুলজাৰহাউচ,চেকেন্দ্ৰাবাদ, আবিদ,পেড্ডাপল্লী,ৱাৰাংগল আৰু কৰিমনগৰত সোণৰ এটিএম মুকলি কৰা হ'ব বুলি উল্লেখ কৰে গোল্ড চিক্কাৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে । উল্লেখ্য় যে সোণৰ মূল্য সময়ে সময়ে এটিএম স্ক্ৰীণত প্ৰদৰ্শিত হ'ব ।

লগতে পঢ়ক:G20 summit in India: ভাৰতত অনুষ্ঠিত হ'বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ সাক্ষী হোৱাৰ দিশে অসম

ABOUT THE AUTHOR

...view details