নিউজ ডেস্ক, ১০ জানুৱাৰী: Covid-১৯ ৰ নতুন ষ্ট্ৰেনৰ সময়তে বিমানসেৱা পুনৰ আৰম্ভ হয় । ব্ৰিটেইনৰ পৰা ২৮৯ গৰাকী যাত্ৰী কঢ়িয়াই প্ৰথমখন বিমান দেওবাৰে পুৱা ৪.৩০ মিনিটত বেংগালুৰুৰ কেম্পেগড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে । আটাইকেইগৰাকী যাত্ৰীৰে বিনামূলীয়াকৈ আৰ টি-পি চি আৰ পৰীক্ষণ কৰা হয় আৰু পাঁচ ঘন্টাৰ পিচত ফলাফল লাভ কৰে যাত্ৰী কেইগৰাকীয়ে । এই ২৮৯ গৰাকী যাত্ৰীৰ ভিতৰত ১৪৬ গৰাকী পুৰুষ, ৯৫ গৰাকী মহিলা, ৩২ গৰাকী শিশু আৰু ১৬ গৰাকী বিমান পাইলটসহ অন্যান্য় সদস্যসকল । ইয়াৰে চাৰিগৰাকী Covid-১৯ত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে । সম্প্ৰতি তেওঁলোকক আইছলেচনত ৰখা হৈছে ।
ইফালে টাৰ্মিনেলৰ ভিতৰত ৩০ গৰাকীতকৈও অধিক কৰ্মীক মোতায়েন কৰা হৈছে । ফলাফল লাভ নকৰা পৰ্যন্ত টাৰ্মিনেলৰ কৰ্মীসকলক নিৰীক্ষণ কৰিবলৈ ৫ গৰাকী আৰক্ষীৰ লোকক মোতায়েন কৰা হৈছে । যিসকলৰ নেগেটিভ ফলাফল ওলাইছে সেইসকলক ১৪ দিনলৈ হোম কোৱাৰেন্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে । যাত্ৰীসকলৰ স্বাস্থ্য়ৰ প্ৰতি নিৰীক্ষণ কৰিবলৈ আৰু Covid প্ৰট’কলৰ সকলো নীতি-নিয়ম মানি চলিবলৈ স্থানীয় স্বাস্থ্য বিষয়াক নিৰ্দেশ দিয়া হৈছে ।