অসম

assam

ETV Bharat / bharat

Man and His Feathered Friends : নৃত্যৰতা পক্ষীৰ এখন অপূৰ্ব কানন - শ্ৰীনগৰৰ ডাল হ্ৰদ

চৰাইৰ বাবে এখন ৰিজৰ্ট স্থাপন কৰিলে এজন প্ৰকৃতিপ্ৰেমীয়ে ৷ সিঁহতক আহাৰ খুৱায়, খেলিবলৈ সুবিধা কৰি দিয়ে প্ৰকৃতিৰ প্ৰেমত হাবু-ডুবু খাই থকা লোকজনে ৷ পক্ষীৰ কলকলনিৰ মাজতে দিন-ৰাতি কটায় লোকজনে ৷ পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে বিশেষ ৰিজৰ্টখন (Bird Forest Resort Kashmir Dal Lake)৷

Man and His Feathered Friends
শ্ৰীনগৰত চৰাইৰ বাবেই এখন ৰিজৰ্ট

By

Published : Jan 22, 2023, 4:53 PM IST

শ্ৰীনগৰত চৰাইৰ বাবেই এখন ৰিজৰ্ট

নিউজ ডেস্ক, 22 জানুৱাৰী : প্ৰকৃতিতকৈ ভাল বন্ধু কোনো হ’ব নোৱাৰে ৷ প্ৰকৃতিৰ লগত থাকি, প্ৰকৃতিৰ লগত কথা পাতি পাৰ কৰিব পাৰি অৱসৰৰ সময় অথবা ব্যস্ততাৰে ভৰা সময়ৰ পৰা কিছু পৰিত্ৰাণ বিচাৰি প্ৰকৃতিৰ কাষ চাপিব পাৰি ৷ য’ত লাভ কৰিব পাৰি জীৱনৰ অন্য এক মাদকতা ৷ এই কথা আপোনাৰ-মোতকৈও হয়তো য়াছিনৰ মাতৃয়ে ভালদৰে অনুভৱ কৰিছিল ৷ সেইবাবেই বিভিন্ন প্ৰজাতিৰ চৰাই শংকাবিহীনভাৱেই য়াছিনৰ মাতৃৰ পাকঘৰলৈ সঘন অহা-যোৱা কৰিছিল ৷ প্ৰকৃতিপ্ৰেমী মহিলাগৰাকীয়ে নিজ সন্তানৰ দৰে চৰাইবোৰক খুৱাইছিল, লালন-পালন কৰিছিল ৷

শৈশৱতেই এই দৃশ্য প্ৰত্যক্ষ কৰিছিল য়াছিনে ৷ ফলত প্ৰকৃতিৰ অনুপম সৃষ্টি চৰাইৰ প্ৰেমত হাবু-ডুবু খাবলৈ ল’লে য়াছিনে ৷ মাতৃৰ পক্ষীপ্ৰেমে শিশু য়াছিনৰ মন-মগজুত ক্ৰিয়া কৰিলে ৷ এতিয়া য়াছিন বহুত ডাঙৰ হ’ল ৷ পক্ষীপ্ৰেমত বিহ্বল য়াছিনে এতিয়া যি পদক্ষেপ গ্ৰহণ কৰিছে, প্ৰকৃতিক ভালপোৱা প্ৰতিজন লোকৰে অন্তৰ চুই যাব ৷ শ্ৰীনগৰৰ ডাল হ্ৰদৰ বাসিন্দা মহম্মদ য়াছিনেক নিজৰ হাউচবোটৰ কাষতে এখন বাৰ্ড ফৰেষ্ট ৰিজৰ্ট স্থাপন কৰিছে (Bird Forest Resort Kashmir Dal Lake)৷ য’ত দেশী-বিদেশী চৰায়ে খাদ্যগ্ৰহণ কৰে, খেলে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত য়াছিনে কয় যে উপত্যকাটোত শীতৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে চৰাইৰ বাবে খাদ্যৰ নাটনি হয় ৷ খাদ্যৰ সন্ধান কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় চৰাইবোৰ ৷ সেই কথা অনুমান কৰিয়েই য়াছিনে হ্ৰদটোলৈ আগমন ঘটা চৰাইক খাদ্য যোগান ধৰাৰ পদক্ষেপ গ্ৰহণ কৰে ৷ শেহতীয়াকৈ তেওঁ এখন ৰিজ’ৰ্ট স্থাপন কৰিছে, য’ত তেওঁ চৰাইৰ বাবে খাদ্য যোগান ধৰাৰ লগতে ৰিজ’ৰ্টখনলৈ অহা দৰ্শকেও দেশী-বিদেশী চৰাইৰ মাজত থাকি খাদ্য গ্ৰহণৰ অভিজ্ঞতা লাভ কৰিছে (Bird forest resort in Kashmir)৷

য়াছিনে ইটিভি ভাৰতক জনায়- "এই পদক্ষেপৰ উদ্দেশ্য হৈছে চৰাইবোৰক সুৰক্ষা দিয়া আৰু খাদ্যৰ যোগান কৰা ৷ এই প্ৰেৰণা মই মোৰ মাৰ পৰা পাইছিলো । সেইবাবেই মই হ্ৰদটোত থকাৰ সিদ্ধান্ত লৈছিলোঁ, যাতে মই চৰাই আৰু প্ৰকৃতিৰ কাষত থাকিব পাৰো’’ ৷

লগতে তেওঁ কয়, "ভাৰতৰ বাহিৰত চৰাই অভয়াৰণ্যৰ দৃশ্য অতি সুলভ ৷ সেই ঠাইসমূহত মানুহে জিৰণি লৈ মানসিক চাপৰ পৰা পৰিত্ৰাণ লাভ কৰে ৷ সেই অনুসৰিয়েই এই ঠাইখনো নিৰ্মাণ কৰা হৈছে’’ ৷ য়াছিনে লগতে কয় যে শীতকালত চৰাইক খুৱাব পৰাটো সহজ কিন্তু গৰমৰ দিনত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ অসুবিধাৰ সন্দৰ্ভত তেওঁ কয়- ‘‘শীতকালত চৰাইক খুৱাবলৈ আমাৰ বিশেষ অসুবিধা নহয়, কিন্তু গ্ৰীষ্মকালত বিলৰ উপৰিভাগত ঘাঁহ থাকে, যাৰ বাবে বহুত সমস্যাৰ সৃষ্টি হয় ৷ শীতকালত পানীৰ উপৰিভাগ পৰিস্কাৰ হৈ থাকে ৷ ফলত বিশেষ অসুবিধা নহয় ৷ কিন্তু গ্ৰীষ্মকালত সেয়া সম্ভৱ নহয়’’ ৷

লগতে তেওঁ কয় যে ‘‘মই সৰুৰে পৰা এই কাম কৰি আহিছো, কিন্তু যোৱা এমাহ ধৰি শ্ৰীনগৰত এই কামত নিয়োজিত হৈ আছো ৷ মই বিচাৰো যে ৰিজৰ্টখনত দুইৰ পৰা চাৰিটা কোঠা নিৰ্মাণ কৰা হওক যাতে পৰ্যটকৰ আৰু স্থানীয় লোকসকলে উপভোগ কৰিব পাৰে ৷ সেয়েহে প্ৰশাসনক অনুৰোধ কৰিছো যে এই ঠাইখন পৰিষ্কাৰ কৰি ৰখাত আমাক সহায় কৰক’’ ৷

য়াছিনৰ সম্পৰ্কীয় এজন যুৱকে কয়- ‘‘মোৰ পেহীয়ে চৰাইবোৰক খুৱাইছিল, আনকি চৰাইবোৰো পেহীৰ পাকঘৰলৈ খাদ্যৰ বাবে আহিছিল ৷ পেহীৰ দুজন পুত্ৰ দেশৰ বাহিৰত আছিল আৰু উভতি অহাৰ পিচত মোৰ পৰামৰ্শ অনুসৰিয়েই য়াছিনে এই ৰিজ'ৰ্টখন আৰম্ভ কৰিছিল’’ ৷ তেওঁ লগতে কয়- ‘‘চৰাইৰ প্ৰতি আকৰ্ষণ বহু লোকৰ আছে ৷ আমি বিচাৰো যে তেওঁলোক ইয়ালৈ আহি চৰাই চোৱাৰ লগতে কফিও খাওক ৷ আমি বিচাৰো যে প্ৰশাসনে ইয়াত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে পদক্ষেপ লওক’’ ৷

উল্লেখ্য যে, শ্ৰীনগৰত বাৰ্ড ফৰেষ্ট ৰিজ’ৰ্টখন (Bird forest resort) মুকলি হোৱাৰ পিচত পৰ্যটকসকলৰ আগমন বৃদ্ধি পাইছে ৷

লগতে পঢ়ক :Assam tourism: পৰম্পৰাগত সাজ-পাৰ পিন্ধি নিজকে অসমীয়া ৰূপত চোৱাৰ চেষ্টা দুই বিদেশী পৰ্যটকৰ

ABOUT THE AUTHOR

...view details