অসম

assam

ETV Bharat / bharat

Punjab Military Station Firing : পঞ্জাবৰ সামৰিক কেন্দ্ৰত গুলীবৰ্ষণত নিহত ৪ - Punjab Military Station Firing

ছাউডাৰ্ণ ৱেষ্টাৰ্ণ কমাণ্ডে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বুধবাৰে পুৱা প্ৰায় ৪.৩৫ বজাত বাথিণ্ডা সামৰিক কেন্দ্ৰৰ ভিতৰত গুলীবৰ্ষণৰ শব্দ শুনা যায় (Punjab Military Station Firing) । এই গুলীচালনাত নিহত হয় ৪ গৰাকীকৈ লোকৰ ৷

Punjab Military Station Firing
Punjab Military Station Firing

By

Published : Apr 12, 2023, 11:30 AM IST

নিউজ ডেস্ক, ১২ এপ্ৰিল :বুধবাৰে পুৱা পঞ্জাবৰ বাথিণ্ডা সামৰিক কেন্দ্ৰত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা (firing at Bathinda Military Station Punjab) । এই ঘটনাত কমেও চাৰিজন লোক নিহত হয় (4 killed in military station firing in Punjab) । পুৱা প্ৰায় ৪.৩৫ বজাত বাথিণ্ডা সামৰিক কেন্দ্ৰৰ ভিতৰত এই গুলীচালনাৰ ঘটনাটো সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ।

লগে লগে ষ্টেচন কুইক ৰিয়েকচন দলবোৰক সক্ৰিয় কৰা হয় । অঞ্চলটো ঘেৰাও কৰি ছীল কৰি দিয়া হয় । উল্লেখ্য, বাথিণ্ডা সামৰিক কেন্দ্ৰটো সেনাৰ দক্ষিণ-পশ্চিম কমাণ্ডৰ অধীনত আছে । দক্ষিণ-পশ্চিম কমাণ্ডৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে বুধবাৰে পুৱা প্ৰায় ৪.৩৫ বজাত বাথিণ্ডা সামৰিক কেন্দ্ৰৰ ভিতৰত গুলীচালনাৰ শব্দ শুনা যায় (Punjab Military Station Firing) ।

এই সন্দৰ্ভত সেনাবাহিনীৰ তৰফৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি, ঘটনাটোত চাৰিজন লোক হতাহত হোৱাৰ খবৰ পোৱা গৈছে । সেনাৰ দক্ষিণ-পশ্চিম কমাণ্ডে জনাইছে যে ষ্টেচনৰ কুইক ৰিয়েকচন দলসমূহ সক্ৰিয় কৰা হৈছে । ঘটনাস্থলী ছীল কৰি দিয়া হৈছে । অনুসন্ধান অভিযান চলি আছে । অৱশ্যে ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । এজন ব্যক্তিয়ে গুলীচালনা কৰিছিল নে একাধিক ব্যক্তিয়ে, সেয়াও জানিব পৰা হোৱা নাই । অৱশ্যে সেনাই স্পষ্ট কৰি দিছে যে এয়া সন্ত্ৰাসবাদী ঘটনা নহয় ।

উল্লেখ্য, বাথিণ্ডা মিলিটাৰী ষ্টেচন হৈছে এটা মুখ্য সামৰিক কেন্দ্ৰ (Bathinda Military Station Punjab) । য'ত বৃহৎসংখ্যক সেনা জোৱানে তেওঁলোকৰ পৰিয়ালৰ সৈতে বাস কৰে । এই সামৰিক কেন্দ্ৰটো কৌশলগত দৃষ্টিকোণৰ পৰাও যথেষ্ট সমৃদ্ধ । বুধবাৰে পুৱতি নিশা সংঘটিত গুলীচালনাৰ সন্দৰ্ভত অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে । সেনাৰ দক্ষিণ-পশ্চিম কমাণ্ডে কৈছে যে শীঘ্ৰেই এই বিষয়ত অধিক তথ্য দিয়া হ'ব ।

লগতে পঢ়ক :Airstrike on Myanmar Village : ম্যানমাৰৰ গাঁৱত বিমান আক্ৰমণত নিহত শতাধিক

ABOUT THE AUTHOR

...view details