নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ :আকৌ ৰে’লত অগ্নিকাণ্ডৰ ঘটনা ৷ দিল্লীৰ পৰা দৰভংগালৈ যোৱা হমচফৰ এক্সপ্ৰেছৰ তিনিটা দবাত সংঘটিত হোৱা অগ্নিকাণ্ড ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই উক্ত দিনাই দিল্লীৰ পৰা ছহৰছালৈ যোৱা বৈশালী এক্সপ্ৰেছৰ ছটা AC ডবাত লাগে জুই ।
ইফালে এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডৰ ফলত আহত হৈছে ডবাখনত থকা ১৯ জন যাত্ৰী । ইয়াৰে ১১ গৰাকী যাত্ৰীক উত্তৰ প্ৰদেশৰ ছাইফাইলৈ প্ৰেৰণ কৰা হৈছে ।
তথ্য অনুসৰি, মেইনপুৰী আণ্ডাৰব্ৰিজৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । বুধবাৰে মাজ নিশা দিল্লীৰ পৰা ছহৰছালৈ যোৱা বৈশালী এক্সপ্ৰেছ ৰে’লৰ ৬ টা AC ডবাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় । ইয়াৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় । তাৰ পাচতে চালকজনে ৰে’লখন ৰখাই দিয়ে ।
লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হয় । কিছু সময়ৰ ভিতৰতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উক্ত স্থানত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। একে সময়তে ডবাত জুই লগাৰ ফলত যাত্ৰীসকলৰ মাজত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ যাৰ ফলত মুঠ ১৯ জন যাত্ৰী আহত হয় ।