আইজল,13 মাৰ্চ:আইজলৰ মৌবাউক অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত ৷ 15 টাকৈ পৰিয়ালে বাস কৰা প্ৰায় 8 টা বাসগৃহ জুইত জাহ যায় ৷ শনিবাৰে পুৱতি নিশাৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ এটা চিলিণ্ডাৰৰ বিস্ফোৰণ হোৱাৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷
ঘটনাৰ ফলত আটাইকেইটা পৰিয়ালৰে সকলোবোৰ সম্পত্তি জুইত জাহ যায় ৷ পুৱতি নিশা সংঘটিত এই ঘটনাৰ ফলত বাসগৃহ কেইটাৰ বাসিন্দাসকল কোনোমতে পলাই সাৰিবলৈ সক্ষম হয় ৷ ওচৰৰ অন্য 20 টা বাসগৃহতো জুয়ে কিছু পৰিমাণে ক্ষতিসাধন কৰে ৷