নেশ্যনেল ডেস্ক, 12 নৱেম্বৰ :দেশজুৰি দীপাৱলীৰ ব্যাপক উছাহ ৷ দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে হাৰিয়ানাৰ শণিপতত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ হাৰিয়ানাৰ শণিপতৰ 44 নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত এপেক্স গ্ৰীণ ছ'চাইটিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷ অট্টালিকাটোৰ চি ব্লকৰ সপ্তম মহলাত থকা এটা ফ্লেটত অগ্নিসংযোগ হোৱাৰ ফলত অট্টালিকাটোৰ কেইবাটাও ফ্লেটত নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে ৷
জুই দেখি লগে লগে ফ্লেটটোত হুৱা দুৱাৰ সৃষ্টি হয় ৷ ঘটনাৰ খবৰ পাই শনিপত আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হয়। অগ্নি নিৰ্বাপক বাহনে জুই নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক প্ৰচেষ্টা আৰম্ভ কৰিছিল। ইয়াৰ সমান্তৰালকে অগ্নি নিৰ্বাপক বাহিনীৰ অন্য এটা দলে ফ্লেটত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে ৷
এই খবৰৰ পিচতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু স্থানীয় নেতা ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহায় কৰে ৷ শনিপতৰ মেয়ৰ নিখিল মদনে সহকৰ্মীসকলৰ সৈতে জুইত আৱদ্ধ এটা পৰিয়ালক উদ্ধাৰ কৰে ৷ ইতিমধ্যে আঘাতপ্ৰাপ্ত সকলোকে চিকিৎসাৰ বাবে নিকটৱৰ্তী কেইবাখনো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।