নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ কমলা নেহৰু শিশু চিকিৎসালয়ত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত চাৰিটাকৈ নৱজাতকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে(Shivraj Singh Chouhan) । চিকিৎসালয়খনৰ শিশু ৱাৰ্ডত অগ্নিকাণ্ড সংঘটিত হোৱা ঘটনাক দুখজনক আখ্যা দি তেওঁ কয় যে, এই ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে । স্বাস্থ্য আৰু চিকিৎসা শিক্ষাৰ অতিৰিক্ত মুখ্য সচিব মহম্মদ চুলেমানৰ নেতৃত্বত তদন্ত প্ৰক্ৰিয়া চলিব । সোমবাৰে নিশা ভূপালৰ চৰকাৰী কমলা নেহৰু শিশু চিকিৎসালয়ৰ তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয় ।
এই সন্দৰ্ভত চিকিৎসা শিক্ষা মন্ত্ৰী বিশ্বাস সাৰঙে কয় যে, জুই লগাৰ সময়ত ৱাৰ্ডটোত ৪০ টা শিশু আছিল আৰু ইয়াৰ ভিতৰত ৩৬ টা শিশু বৰ্তমান সুৰক্ষিত অৱস্থাত আছে । ৪ টা নৱজাতকৰ প্ৰাণ কাঢ়িলে বিধ্বংসী অগ্নিকাণ্ডই । মৃতকৰ অভিভাৱকলৈ ৪ লাখ টকাৰ অনুদান আগবঢ়োৱা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে চিকিৎসালয়ৰ বাহিৰে-ভিতৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।
চিকিৎসাধীন হৈ থকা শিশুৰ পৰিয়ালে নিজৰ নিজৰ শিশুসকলক বিচাৰি হাহাকাৰ কৰে । ফতেহগড় অগ্নি নিৰ্বাপক কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া জুবেইৰ খানে জনোৱা মতে, সোমবাৰে নিশা প্ৰায় ৯ বজাত চিকিৎসালয়খনৰ তৃতীয় মহলাত জুইৰ সূত্ৰপাত ঘটে । এই বিষয়ে তথ্য লাভ কৰাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় ২৪ খন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱায় ।