নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ :ওড়িশাত জন শতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ড । বৃহস্পতিবাৰে পুৱা কটক ষ্টেচনত ভুৱনেশ্বৰ-হাওৰা জন শতাব্দী এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ৰে'লখনৰ এটা ডবাত জুইৰ সূত্ৰপাত হয় । কিন্তু সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডত কোনো লোক আহত হোৱা নাই । যান্ত্ৰিক বিজুতিৰ বাবে ডবাৰ তলত জুই লগাৰ সন্দেহ কৰা হৈছে । অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰাৰ পাছত ৰে'লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে ।
উল্লেখ্য যে পুৱাই জন শতাব্দী এক্সপ্ৰেছ কটক ৰে'ল ষ্টেচন আহি পাইছিল । সেই সময়তে ৰে'লখনৰ এটা কম্পাৰ্টমেণ্টৰ তলত জুই লাগে । লগে লগে যাত্ৰীসকলৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । ৰে'ল কৰ্মচাৰীসকলকো লগে লগে অৱগত কৰা হয় । কিছু সময় পাছতে অগ্নি নিৰ্বাপক বাহিনী ৰে'ল ষ্টেচনত উপস্থিত হয় । অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই । সকলো যাত্ৰী সুৰক্ষিত বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ ৪৫ মিনিট মানৰ পাছতে ৰে'লখনে কটকৰ পৰা হাওৰা অভিমুখে পুনৰ যাত্ৰা আৰম্ভ কৰে ।