নেশ্যনেল ডেস্ক, ২৩ এপ্ৰিল: দেশজুৰি কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণৰ সময়তেই পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় । শুকুৰবাৰে পুৱাই মুম্বাইৰ পালঘৰ জিলাৰ ভাচাইৰ এটা ক'ভিড কেন্দ্ৰত সংঘটিত হয় অগ্নিকাণ্ডৰ । ফলত ১৩ জনকৈ ক'ভিড ৰোগীৱে এই ঘটনাত প্ৰাণ হেৰুৱায় । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিৰাৰ পশ্চিমৰ বিজয় বল্লভ চিকিৎসালয়ৰ আই চি ইউত পুৱা ৩ বজাত এই অগ্নিকাণ্ড সংঘটিত হয় । সম্প্ৰতি চিকিৎসালয়খনত প্ৰায় ৯৫ জন ৰোগী চিকিৎসাধীন হৈ আছে আৰু অক্সিজেনৰ প্ৰয়োজন হোৱা ৰোগীসকলক আন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।
জিলা দুৰ্যোগ প্ৰশমন কোষৰ মুখ্য বিষয়া বিবেকানন্দ কাদমে জনোৱা অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পূৰ্বে আই চি ইউৰ এটা এচি গোটত বিস্ফোৰণ হোৱাত এই অগ্নিকাণ্ড সংঘটিত হয় । ইফালে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে দুৰ্ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।