নেশ্যনেল ডেস্ক, 9 অক্টোবৰ: তামিলনাডুৰ ৰাজেন্দ্ৰনে আৰিয়ালুৰ জিলাৰ ভিৰাকালুৰ গাঁৱত ইয়াজ ক্ৰেকাৰ নামৰ এখন দোকানত সোমবাৰে পুৱা প্ৰায় 9.30 বজাত আতচবাজী বিস্ফোৰণ হৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ জানিব পৰামতে, আজি পুৱা আতচবাজী প্ৰস্তুত কৰাৰ সময়ত দোকনখনত বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাত এতিয়ালৈকে এগৰাকী মহিলাসহ 7 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ আনহাতে 6 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ ততাতৈয়াকৈ আহত লোককেইগৰাকীক উদ্ধাৰ কৰি থাঞ্জাভুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
ইফালে বিস্ফোৰণৰ ভয়ংকৰ শব্দ শুনি ওচৰৰ লোকসকল আতংকিত হৈ পৰে ৷ ওচৰৰ গাঁওসমূহৰ লোকসকলে আতচবাজীৰ ধোঁৱা আৰু জুই দেখি আচৰিত হৈ ঘটনাস্থলীত উপস্থিত হয় ৷ লগে লগে আৰিয়ালুৰ আৰু ইয়াৰ সমীপৰ অঞ্চলৰ পৰা তিনিখন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় ৷ লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰে ৷