নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । হাতত পিষ্টল লৈ বিজেপি বিধায়ক যোগেশ বাৰ্মাক ভাবুকি দিলে প্ৰাক্তন পঞ্চায়ত প্ৰধান পৱন গুপ্তাৰ ভাতৃয়ে । ঘটনা সন্দৰ্ভত যোগেশ বাৰ্মা, পৱন গুপ্তাক আটক কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে । আৰক্ষী বিষয়া ফটেহ সিঙে জনোৱা মতে, পঞ্চায়ত নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থীক টিকট প্ৰদান কৰাক লৈ বিবাদত লিপ্ত হৈছিল বিধায়ক যোগেশ বাৰ্মা আৰু প্ৰাক্তন পঞ্চায়ত প্ৰধান পৱন গুপ্তা । প্ৰথমে দুয়োৰে মাজত বাকযুদ্ধ চলিছিল ।
কিন্তু পৱন গুপ্তাৰ ভাতৃ সঞ্জয় গুপ্তাই পিষ্টল দেখুৱাই যোগেশ বাৰ্মাৰ চাৰ্টৰ কলাৰত ধৰি আৰক্ষীৰ সন্মুখতে প্ৰহাৰ কৰে আৰু ধমকি দিয়ে । এই ঘটনাৰ পিছতে দেওবাৰে সন্ধিয়া এখন এজাহাৰ দাখিল কৰা হয় । ইয়াৰ পিছত যোগেশ বাৰ্মায়ো সোমবাৰে এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাৰে জড়িত আন অভিযোগবোৰো তেওঁলোকে পূৰ্বৰ গোচৰৰ সৈতে একেলগে অন্তৰ্ভুক্ত কৰিব ।
পৰস্পৰৰ বিৰুদ্ধে ৰুজু কৰাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে যোগেশ বাৰ্মা আৰু পৱন গুপ্তাক আটক কৰে । দুয়োকে সোধা-পোছাৰ বাবে আৰক্ষী থানাত হাজিৰ হ'বলৈ কোৱা হৈছিল । উক্ত দিনৰ বিবাদৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । পিছত সঞ্জয় গুপ্তাৰ লগতে হিংসাত্মক কাণ্ডৰে জড়িত কেইবাজনো লোকৰ বিৰুদ্ধে আৰক্ষী উপ-পৰিদৰ্শক নৰেন্দ্ৰ প্ৰতাপ সিঙে গোচৰ ৰুজু কৰে ।