নেশ্যনেল ডেস্ক, ৩০ জুন :তামিলনাডুৰ এ আই এ ডি এম কে (AIADMK) দলৰ প্ৰাক্তন অন্তৱৰ্তীকালীন সাধাৰণ সম্পাদক ভি কে শশীকলাৰ (V K Sasikala) বিৰুদ্ধে গোচৰ ৰুজু ভিল্লুপুৰম জিলাৰ ৰোশনাই আৰক্ষী থানাত । ভি কে শশীকলা (V K Sasikala) আৰু আন ৫০০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে প্ৰাক্তন মন্ত্ৰী তথা এ আই এ ডি এম কে (AIADMK)ৰ ভিল্লুপুৰম জিলা সম্পাদক চি ভি শানমুঘামে । শশীকলাৰ নিৰ্দেশত বহু জ্ঞাত আৰু অজ্ঞাত লোকে তেওঁক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ তুলিছে শানমুঘামে । ইতিমধ্যে মঙলবাৰে ৰোশনাই আৰক্ষী থানাত গোচৰটো পঞ্জীয়ন কৰা হৈছে ।
যোৱা ৯ জুন তাৰিখে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৰোশনাই আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল । অভিযোগত উল্লেখ কৰা মতে শশীকলাৰ বিৰুদ্ধে তেওঁ এক প্ৰেছ বিবৃতি জাৰি কৰিছিল । তাৰ পিছতে বিভিন্ন মাধ্যমেৰে তেওঁ মৃত্যুৰ ভাবুকি পাইছিল । আনকি ফোনযোগেও তেওঁক বহুতে দুৰ্ব্যৱহাৰ কৰাৰ লগতে আই এ ডি এম কে (AIADMK)ৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি ভাবুকি দিছিল ।
চি ভি শানমুঘামে দাবী কৰা মতে তেওঁৰ তাত ৫০০ তকৈও বেছি ফোন আহিছিল আৰু তাৰ বেছিভাগেই তেওঁক মৃত্যুৰ ভাবুকি দিছিল । ৰোশনাই আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ (IPC) ধাৰা ৫০৬(১) (অপৰাধমূলক ভাবুকি), ৫০৭ (বেনামী যোগাযোগৰ দ্বাৰা অপৰাধমূলক ভাবুকি), ১০৯ (প্ৰৰোচনাৰ বাবে শাস্তি) আৰু তথ্য প্ৰযুক্তি আইন, ২০০০ ৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ।শশীকলাৰ ৰাজনৈতিক বিৰোধিতাৰ ক্ষেত্ৰত শানমুঘামে তেওঁক বেআইনীভাৱে এ আই এ ডি এম কে (AIADMK) দখল কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু বিভিন্ন বিসম্বাদ সৃষ্টি কৰি দলটোত বিভ্ৰান্তি আনিবলৈ চেষ্টা কৰিছে।
ইফালে, বহু বছৰ পূৰ্বে এ আই এ ডি এম কে (AIADMK)ৰ পৰা আঁতৰি অহা শশীকলাই তেওঁৰ সমৰ্থকসকলৰ সৈতে দলটোৰ নিয়ন্ত্ৰণ পুনৰ আৰম্ভ কৰাৰ প্ৰচেষ্টা পুনৰ আৰম্ভ কৰাৰ ইংগিত দিছে । ৰাজনৈতিক প্ৰত্যাৱৰ্তন হিচাপে শীঘ্ৰেই এটা ভাল সিদ্ধান্ত লোৱা হ'ব বুলিও শশীকলাই উল্লেখ কৰিছিল । উল্লেখ্য যে ৬ এপ্ৰিলৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ ৰাজনীতিৰ পৰা আঁতৰি থাকিব বুলি ঘোষণা কৰিছিল আৰু কৈছিল যে যে তেওঁ অন্ত:কন্দলৰ বাবে দলটো ধ্বংস হোৱা চাবলৈ নিবিচাৰে ।
লগতে পঢ়ক :বিশ্বজুৰি নূন্যতম কৰ সন্দৰ্ভত মাৰ্কিন কোষাগাৰ সচিবৰে আলোচনা নিৰ্মলা সীতাৰমণৰ