নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ: মহিলাক ধৰ্ষণ আৰু মানসিক নিৰ্যাতন কৰাৰ অভিযোগত কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (Congress MP allegedly raping mentally harassing woman)৷ জানিব পৰামতে এগৰাকী ৩৮ বছৰীয়া বিবাহিত মহিলাই ধৰাৰ নগাঁও আৰক্ষী থানা এলেকাত তেওঁক ধৰ্ষণ আৰু মানসিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগত কংগ্ৰেছী বিধায়ক উমাং সিংঘাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে (FIR against MP Congress MLA Umang Singhar)৷
ভাৰতীয় দণ্ডবিধিৰ অধীনত আৰক্ষীয়ে এই গোচৰটো ৩৭৬ (ধৰ্ষণ), ৩৭৭ (অপ্ৰাকৃতিক অপৰাধ) আৰু ৪৯৮ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে ৷ সম্প্ৰতি সাংসদ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই এজাহাৰ দাখিলৰ কথা নিশ্চিত কৰিছে (MP Congress MLA allegedly raping woman) ৷
ইফালে শেহতীয়াকৈ উমাং সিংঘাৰৰ (MP Congress MLA Umang Singhar ) পত্নীৰ বিৰুদ্ধেও তেওঁৰ ঘৰত বনকৰা এগৰাকী মহিলাই শাৰীৰিক নিৰ্যাতন চলোৱাৰ গোচৰ ৰুজু কৰিছে ৷ গায়ত্ৰী ভূৰিয়া নামৰ মহিলাগৰাকীয়ে কেইবাবছৰ ধৰি বিধায়কগৰাকীৰ ঘৰত ৰান্ধনিৰূপে কাম কৰিছিল ৷ বিভিন্ন সময়ত গায়ত্ৰীক বিধায়ক পত্নীয়ে আপত্তিজনক শব্দ ব্যৱহাৰ কৰি গালি-গালাজ পাৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে ৷