অসম

assam

ETV Bharat / bharat

শৰদ পাৱাৰৰ আপত্তিজনক আলোকচিত্ৰ পোষ্ট কৰি আৰক্ষীৰ ৰোষত এজন লোক - মুম্বাই আৰক্ষী

এনচিপিৰ (NCP) মুৰব্বী শৰদ পাৱাৰ (Sharad Pawar) ৰ আপত্তিজনক আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত (Social Media) পোষ্ট কৰাৰ অভিযোগত সোমবাৰে মুম্বাই চহৰৰ এজন লোকক আটক কৰে মুম্বাইৰ আৰক্ষীয়ে ৷ ধৃত লোক জনৰ বিৰুদ্ধে দিয়া এটা গোচৰৰ ভিত্তিত আটক কৰে আৰক্ষীয়ে ।

FIR against man for posting objectionable pic of Sharad Pawar on social media
শৰদ পাৱাৰৰ আপত্তিজনক আলোকচিত্ৰ পোষ্ট কৰি আৰক্ষীৰ ৰোষত এজন লোক

By

Published : Jun 29, 2021, 1:51 PM IST

নিউজ ডেস্ক, 29 জুন :এনচিপিৰ মুৰব্বী (NCP) শৰদ পাৱাৰ (Sharad Pawar)ৰ আপত্তিজনক আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত (Social Media) পোষ্ট কৰি আৰক্ষীৰ ৰোষত পৰিল মুম্বাই চহৰৰ এজন লোক ৷ ইতিমধ্যে ছ'চিয়েল মিডিয়াত পোষ্ট দিয়া লোক জনৰ বিৰুদ্ধে এনচিপি (NCP)ৰ দলীয় কৰ্মী ডি এছ সাৱন্ত নামৰ লোকজনে মুম্বাই আৰক্ষী (Mumbai Police)ক ৰুজু কৰে এটা গোচৰ ৷ উক্ত গোচৰৰ ভিত্তিত সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত লোক জনক ৷

ইফালে অভিযুক্ত লোকজনৰ বিৰুদ্ধে দিয়া গোচৰৰ ভিত্তিত ইতিমধ্যে লোকজনক আৰক্ষীয় গ্ৰেপ্তাৰ কৰা বুলি সদৰি কৰিছে মুম্বাই আৰক্ষী বিষয়াই। এনচিপি (NCP) কৰ্মী ডি এছ সাৱন্তে তেওঁৰ অভিযোগ পত্ৰত উল্লেখ কৰে যে মুম্বাইৰ 'এণ্টপ হিল' এলেকাৰ কোনো এজন লোকে এনচিপিৰ (NCP) মুৰব্বী শৰদ পাৱাৰ (Sharad Pawar)ৰ আপত্তিজনক আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল ৷

উক্ত পোষ্টটো ফেচবুকত (Facebook) ভাইৰেল কৰা লোকজনৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পাইছে । আনহাতে যিজন লোকে উক্ত পোষ্টটো ভাইৰেল কৰিছিল ইতিমধ্যে অভিযুক্ত লোকজনক অভিযোগ অনুসৰি চিনাক্ত কৰা হৈছে আৰু তেওঁক বিচাৰি উলিওৱাৰ বাবে তালাচী চলি আছে বুলি আৰক্ষী বিষয়াই সদৰি কৰিছে ৷

তাৰোপৰি, উক্ত ঘটনাটোৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (IPC) আৰু তথ্য প্ৰযুক্তি আইন (information technology law)ৰ ধাৰা 153 আৰু 500 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । অভিযুক্ত লোকজনক গ্ৰেপ্তাৰ কৰাৰ পিচতে আইনমতে যি শাস্তি পাবলগীয়া হয় সেই অনুসৰি ব্যৱস্থা লোৱা হ'ব বুলি আৰক্ষীয়ে সদৰি কৰে ৷

লগতে পঢ়ক-বোৱাৰী নিৰ্যাতনত অভিযুক্ত শিক্ষক পৰিয়াল

ABOUT THE AUTHOR

...view details