অসম

assam

ETV Bharat / bharat

কৰ'ণা ভাইৰাছ সম্পৰ্কে মন্তব্য কৰি আৰক্ষীৰ ৰোষত কমল নাথ - মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেষ্ঠ্য কংগ্ৰেছ নেতা কমল নাথ

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাক উপেক্ষা কৰিছে কংগ্ৰেছ নেতা কমল নাথে । যাৰ ফলস্বৰূপে তেওঁৰ এই বক্তব্য দেশদ্ৰোহৰ সমান বুলি বিবেচনা কৰা হৈছে । এই অভিযোগেৰে বিজেপিয়ে তৰিলে গোচৰ ৷

kamal nath
কৰ'ণা ভাইৰাছ সম্পৰ্কে মন্তব্য কৰি আৰক্ষীৰ ৰোষত কমল নাথ

By

Published : May 24, 2021, 10:55 AM IST

নেশ্যনেল ডেস্ক, ২৪ মে': বিশ্বজুৰি বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰা মহমাৰী কৰ'ণা ভাইৰাছ সম্পৰ্কে মন্তব্য কৰি আৰক্ষীৰ ৰোষত পৰিল মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথ । সম্প্ৰতি তেওঁৰ বিৰুদ্ধে ভূপালত গোচৰ ৰুজু কৰা হৈছে । কৰ'ণা মহামাৰী সন্দৰ্ভত নাথে এক বিবৃতি দি জনগণৰ মাজত আতংকৰ সৃষ্টি কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে । নাথৰ বিৰুদ্ধে ভূপালৰ বিজেপি সভাপতি সুমিত পাচৌৰী আৰু ভূপালৰ দুই বিধায়ক বিশ্বাস চাৰং আৰু ৰামেশ্বৰ শৰ্মাৰ লগতে দলৰ আন আন নেতাসকলে ভূপালৰ অপৰাধ শাখা আৰক্ষী চকীত গোচৰ ৰুজু কৰে । তেওঁলোকৰ অভিযোগত ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ ধাৰা ৫৪ ৰ অধীনত কমল নাথৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনায় ।

উক্ত অভিযোগ অনুসৰি, কংগ্ৰেছ নেতাজনে শনিবাৰে উজ্জয়নত এক সংবাদমেলত তেওঁ কয় যে বিশ্বজুৰি বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰা মহমাৰী কৰ'ণা ভাইৰাছক ভাৰতীয় প্ৰকাৰ বুলি জনা গৈছে । অতিমাৰীৰ সংকট কালত নাথৰ এই বক্তব্যই জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ লগতে বিশ্বত ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে । নাথৰ এই বক্তব্যই বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাক কংগ্ৰেছ নেতাগৰাকীয়ে উপেক্ষা কৰিছে । যাৰ ফলস্বৰূপে তেওঁৰ এই বক্তব্য দেশদ্ৰোহৰ সমান বুলি বিবেচনা কৰা হৈছে ।

লগতে পঢ়ক: আইপিএফটিৰ উপ-সভাপতিৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details