অসম

assam

ETV Bharat / bharat

২৭ খন ৰাজ্যৰ বাবে ৯,৮৭৯ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন দিলে বিত্ত মন্ত্ৰালয়ে - বিত্ত মন্ত্ৰালয়ে কয়

বিত্ত মন্ত্ৰালয়ে কয় যে, তামিলনাডুক বাদ দি সকলো ৰাজ্যই আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত মূলধন ব্যয়ৰ সহায়ৰ বাবে গ্ৰহণ কৰা আঁচনিৰ সুবিধা লাভ কৰিছে ।

২৭ খন ৰাজ্যৰ বাবে ৯,৮৭৯ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন দিলে বিত্ত মন্ত্ৰালয়ে
২৭ খন ৰাজ্যৰ বাবে ৯,৮৭৯ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন দিলে বিত্ত মন্ত্ৰালয়ে

By

Published : Dec 12, 2020, 9:03 PM IST

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ: কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে শনিবাৰে কয় যে, ২৭ খন ৰাজ্যক মূলধন ব্যয়ৰ সহায়ৰ বাবে ৯,৮৭৯.৬১ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন দিয়া হৈছে । ইয়াৰে ৪,৯৩৯.৮১ কোটি টকা প্ৰথম কিস্তি হিচাপে মুকলি কৰি দিয়া হৈছে । মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰিছে যে, তামিলনাডুক বাদ দি সকলো ৰাজ্যই আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত মূলধন ব্যয়ৰ বিশেষ সহায়ৰ বাবে গ্ৰহণ কৰা নতুন আঁচনিৰ সুবিধা লাভ কৰিছে ।

যোৱা ১২ অক্টোবৰত আত্মনিৰ্ভৰ ভাৰতৰ এটা অংশ হিচাপে এই আঁচনি ঘোষণা কৰা হৈছিল । চলিত বৰ্ষত মহামাৰীৰ বাবে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ব্যাপক লোকচান হোৱাৰ পিছত আৰ্থিক বিপৰ্যয়ৰ সন্মুখীন হোৱা ৰাজ্য চৰকাৰৰ দ্বাৰা মূলধন ব্যয় বৃদ্ধিৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হৈছে । মূলধন ব্যয় এক উচ্চ গুণক প্ৰভাৱ, যি অৰ্থব্যৱস্থাৰ ভৱিষ্যতৰ উৎপাদন ক্ষমতা বৃদ্ধিত সহায় কৰে আৰু আৰ্থিক উন্নতিত অৰিহণা যোগাব ।

সেয়ে, কেন্দ্ৰীয় চৰকাৰে প্ৰতিকূল বিত্তীয় স্থিতিৰ মাজতো ২০২০-২০২১ত বিত্তীয় বৰ্ষত এই বিশেষ সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে । স্বাস্থ্য, গ্ৰাম্য বিকাশ, জল যোগান, জলসিঞ্চন, বিদ্যুৎ, পৰিবহণ, শিক্ষা, নগৰ উন্নয়নকে ধৰি বিভিন্ন ক্ষেত্ৰত মূলধন ব্যয় অনুমোদন কৰা হৈছে । আত্মনিৰ্ভৰ ভাৰতৰ অধীনত চৰকাৰে ৰাজ্যবোৰক ১২,০০০ কোটিৰ বিশেষ সুদবিহীন ঋণ দিব ।

লগতে পঢ়ক: কৃষকৰ সুৰক্ষাৰ বাবে কৃষি আইন সংশোধন কৰা হৈছে : নৰেন্দ্ৰ সিং টোমৰ

ABOUT THE AUTHOR

...view details