অসম

assam

ETV Bharat / bharat

Jan Dhan Yojana revolution : জন ধন যোজনাত দেশত ৫০ কোটিৰো অধিক বেংক একাউণ্ট; বিত্ত মন্ত্ৰী

বিত্ত মন্ত্ৰী সীতাৰমণে সোমবাৰে কয় যে জন ধন যোজনাই ৫০ কোটিতকৈও অধিক লোকক আনুষ্ঠানিক বেংকিং ব্যৱস্থালৈ অনাত সহায় কৰিছে আৰু ২ লাখ কোটি টকা অতিক্ৰম কৰিছে । মহিলাসকলে ৫৫.৫ শতাংশতকৈও অধিক বেংক একাউণ্ট খুলিছে আৰু ৬৭ শতাংশ একাউণ্ট গ্ৰাম্য/মফচলীয় অঞ্চলত খোলা হৈছে ।

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 12:51 PM IST

Jan Dhan Yojana revolution
Jan Dhan Yojana revolution

নিউজ ডেস্ক, ২৮ আগষ্ট : বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে কয় যে জন ধন যোজনাৰ নেতৃত্বত গ্ৰহণ কৰা ব্যৱস্থা আৰু ডিজিটেল পৰিৱৰ্তনে দেশত বিত্তীয় অন্তৰ্ভুক্তিত বিপ্লৱ আনিছে । কিয়নো এই ব্যৱস্থাৰে ৫০ কোটিতকৈও অধিক লোকক সামৰি লোৱা হৈছে আৰু ইয়াত জমাধন ২ লাখ কোটি টকা অতিক্ৰম কৰিছে । আনহাতে, ইমান বৃহৎ সংখ্যক লোকক আনুষ্ঠানিক বেংকিং ব্যৱস্থালৈ অনা হৈছে ।

বিশ্বৰ অন্যতম বৃহৎ বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপ প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ (পিএমজেডিৱাই) নৱম বাৰ্ষিকীত সীতাৰমণে দিয়া তেওঁৰ বাৰ্তাত কয় যে মহিলাসকলে ৫৫.৫ শতাংশ বেংক একাউণ্ট খুলিছে । আনহাতে, ৬৭ শতাংশ একাউণ্ট গ্ৰাম্য/মফচলীয় অঞ্চলত খোলা হৈছে । আঁচনিখনৰ অধীনত বেংক একাউণ্টৰ সংখ্যা মাৰ্চ, ২০২৫-ৰ ১৪.৭২ কোটিৰ পৰা ৩.৪ গুণ বৃদ্ধি হৈ ১৬ আগষ্ট, ২০২৩ তাৰিখলৈ ৫০.০৯ কোটিলৈ বৃদ্ধি হৈছে ।

ইয়াৰ উপৰি মুঠ জমাও মাৰ্চ, ২০১৫ চনলৈকে ১৫,৬৭০ কোটি টকাৰ পৰা ২০২৩ চনৰ আগষ্টলৈকে ২.০৩ লাখ কোটি টকালৈ বৃদ্ধি হৈছে । জন ধন একাউণ্টত গড় জমা মাৰ্চ, ২০১৫ চনলৈকে ১,০৬৫ টকাৰ পৰা ৩.৮ গুণ বৃদ্ধি হৈ আগষ্ট, ২০২৩-ত ৪,০৬৩ টকালৈ বৃদ্ধি হৈছে । এই একাউণ্টবোৰলৈ কোনো মাচুল নোলোৱাকৈ প্ৰায় ৩৪ কোটি ৰূপে কাৰ্ড জাৰি কৰা হৈছে । ই ২ লাখ টকাৰ দুৰ্ঘটনা বীমা কভাৰেজো প্ৰদান কৰে ।

আঁচনিখনৰ অধীনত শূন্য-বেলেন্স একাউণ্টবোৰ আগষ্ট, ২-২৩ চনলৈকে মুঠ একাউণ্টৰ ৮ শতাংশলৈ হ্ৰাস পাইছে । ই মাৰ্চ, ২০১৫ চনত আছিল ৫৮ শতাংশ । সীতাৰমণে কয়, "পিএমজেডিৱাইৰ নেতৃত্বত ৯ বছৰত গ্ৰহণ কৰা পদক্ষেপ আৰু ডিজিটেল পৰিৱৰ্তনে ভাৰতত বিত্তীয় অন্তৰ্ভুক্তিত বিপ্লৱ আনিছে । অংশীদাৰ, বেংক, বীমা কোম্পানী আৰু চৰকাৰী বিষয়াসকলৰ সহযোগিতামূলক প্ৰচেষ্টাত পিএমজেডিৱাই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে থিয় দিছে । যাৰ ফলত দেশত বিত্তীয় অন্তৰ্ভুক্তিৰ দৃশ্যপট সলনি হৈছে ।"

আনহাতে, বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে কয় যে জন-ধন-আধাৰ-মোবাইল (জেএএম) স্থাপত্যই সাধাৰণ মানুহৰ একাউণ্টত চৰকাৰী লাভালাভৰ সফল হস্তান্তৰ কৰিবলৈ সক্ষম কৰিছে । কাৰাডে কয়, "পিএমজেডিৱাই একাউণ্টসমূহ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ (Direct Benefit Transfer, DBT) দৰে জনকেন্দ্ৰিক পদক্ষেপৰ আধাৰ হৈ পৰিছে আৰু সমাজৰ সকলো শ্ৰেণীৰ বিশেষকৈ দুখীয়া লোকসকলৰ সামগ্ৰিক বিকাশত অৰিহণা যোগাইছে ।"

উল্লেখ্য যে পিএমজেডিৱাই ২০১৪ চনৰ ২৮ আগষ্ট তাৰিখে আৰম্ভ কৰা হৈছিল । ইয়াৰ উদ্দেশ্য আছিল প্ৰতিটো বেংকবিহীন পৰিয়ালৰ বাবে শূন্য-বেলেন্স বেঙ্ক একাউণ্ট খোলাৰ জৰিয়তে সাৰ্বজনীন বেংকিং সেৱা প্ৰদান কৰা । বেঙ্কৰ লগত অন্তৰ্ভুক্ত নোহোৱাসকলক বেংকিঙৰ লগত অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশনামূলক নীতিৰ ওপৰত ভিত্তি কৰি অসুৰক্ষিতসকলক সুৰক্ষিত কৰা আৰু পুঁজিবিহীন লোকসকলক পুঁজি যোগান ধৰাটো ইয়াৰ মু্খ্য উদ্দেশ্য ।

লগতে পঢ়ক :Reserve Bank of India : ৰিজাৰ্ভ বেংকৰ পৰৱৰ্তী পৰ্যালোচনা বৈঠকত পলিচীৰ হাৰৰ ওপৰত আলোচনাৰ আশা

ABOUT THE AUTHOR

...view details