স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ :দেওবাৰে অনুষ্ঠিত হ’বআইচিচি এদিনীয়া বিশ্বকাপ 2023 ৰ ফাইনেল খেলখন ৷ আহমেদাবাদস্থিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া ফাইনেল খেলখনক লৈ ক্ৰিকেচ অনুৰাগীৰ লগতে প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উন্মাদনা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ বিচিচিআইৰ সদস্য, প্ৰাক্তন ক্ৰিকেটাৰ, সাংসদ, ৰাজনৈতিক নেতা আৰু অভিনেতাসকলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ বাবে দলটোলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে পশ্চিমবংগ চৰকাৰৰ যুৱ সেৱা আৰু ক্ৰীড়ামন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে ভাৰতীয় দলটোলৈ অভিনন্দন জনাই কয় যে চূড়ান্ত খেলখন অতি ৰোমাঞ্চকৰ হ’ব ।
প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে কয়, "টিম ইণ্ডিয়ালৈ অভিনন্দন । এই মেচখন (ফাইনেল) অতি ৰোমাঞ্চকৰ হ'ব । অষ্ট্ৰেলিয়া এটা শক্তিশালী দল ৷ আনহাতে, ভাৰতীয় দলটোৱে 10 খন মেচ খেলি আটাইকেইখনতে জয়ী হৈছে বাবে খেলখন তীব্ৰ প্ৰতিদ্বন্দী হ’ব আৰু ক্ৰিকেট প্ৰেমীসকলে এই মেচখন যথেষ্ট উপভোগ কৰিব’’ ।