স্পৰ্টছ ডেস্ক, ১৭ নৱেম্বৰ :এই বছৰ ফিফা বিশ্বকাপ প্ৰতিযোগিতাৰ ২২ সংখ্যক সংস্কৰণ কাটাৰত অনুষ্ঠিত হ'ব (22nd edition of FIFA World Cup) । বিশ্ব ক্ৰীড়াৰ অন্যতম ৰাজকীয় প্ৰতিযোগিতা ফিফা বিশ্বকাপ ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব (2022 FIFA World Cup) । আৰব বিশ্বত অনুষ্ঠিত হ'বলগীয়া এইখন হৈছে প্ৰথম বিশ্বকাপ ।
২০০২ চনত দক্ষিণ কোৰিয়া আৰু জাপানৰ পিছত সম্পূৰ্ণৰূপে এছিয়াত অনুষ্ঠিত হোৱা এয়া দ্বিতীয় বিশ্বকাপ । 32 টা দলে অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে কাটাৰ বিশ্বকাপত (FIFA World Cup Qatar) । অৱশ্যে ২০২৬ চনত আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ'লগীয়া বিশ্বকাপত দলৰ সংখ্যা 48 টালৈ বৃদ্ধি হ'ব ।
২৯ দিনীয়া এই ফুটবল বিশ্বযুদ্ধত উদ্বোধনী খেল অনুষ্ঠিত হ'ব আল বায়েট ষ্টেডিয়াম, আল খোৰতত (Al Bayt Stadium Qatar) । অংশগ্ৰহণ কৰিব কাটাৰ আৰু ইকুৱেডৰে । ফাইনেল অনুষ্ঠিত হ'ব কাটাৰৰ ৰাষ্ট্ৰীয় দিৱস 18 ডিচেম্বৰৰ দিনা (Qatar National Day) । ২০১৮ চনৰ পৰা ফিফা বিশ্বকাপৰ মুকুট আছে ফ্ৰান্সৰ হাতত । ক্ৰোৱেছিয়াক ৪-২ গ'লত পৰাস্ত কৰি ফ্ৰান্স হৈছিল ২০১৮-ৰ বিশ্বকাপ চেম্পিয়ন (reigning World Cup champions France) ।
২০১৮ আৰু ২০২২ চনৰ বিশ্বকাপ আয়োজনৰ নিবিদা আৰম্ভ হৈছিল ২০০৯ চনত । ফিফা বিশ্বকাপ ২০২২ আয়োজনৰ বাবে পাঁচখন দেশে নিবিদা আগবঢ়াইছিল । তাৰে ভিতৰত চতুৰ্থ ৰাউণ্ডত ১৪ টা ভোট লাভ কৰি কাটাৰে বিশ্বকাপ আয়োজনৰ স্বত্ত্ব লাভ কৰে (2018 FIFA World Cup final) ।
বিশ্বকাপ পৰিচালনাৰ বাবে ফিফাই ১৯ মে'ত ৩৬ গৰাকী ৰেফাৰীৰ নাম ঘোষণা কৰে । তেওঁলোকক সহায় কৰিব ৬৯ গৰাকী সহকাৰী ৰেফাৰীয়ে । আনহাতে ভিডিঅ' ৰেফাৰী থাকিব ২৪ গৰাকী । ফিফাৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে এইবাৰ মহিলা ৰেফাৰীয়ে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টখন পৰিচালনা কৰিব ।
ডোহা আৰু ইয়াৰ ওচৰ-পাজৰৰ চাৰিখন চহৰৰ মুঠ ৮টা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মেচসমূহ । ইয়াৰে ভিতৰত ফাইনেলকে ধৰি সৰ্বাধিক ১০ খন মেচ অনুষ্ঠিত হ'ব লুছেইল আইকনিক ষ্টেডিয়ামত ।
এই মেগা প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ২০ নৱেম্বৰ দেওবাৰে আল বায়াট ষ্টেডিয়ামত । এটা গ্ৰুপত চাৰিখনকৈ দেশে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগা ৮ টা গ্ৰুপত লীগ পৰ্যায়ত মুঠ ৪৮ খন মেচ অনুষ্ঠিত হ'ব । নক আউট পৰ্যায়লৈ উন্নীত হ'ব মুঠ ১৬ টা দল । এই ১৬ টা দলৰ মাজত অনুষ্ঠিত ৮ খন মেচৰ পৰা ৮ টা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব । ৯ আৰু ১০ ডিচেম্বৰত প্ৰতিদিনে দুখনকৈ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব । ১৩ আৰু ১৪ ডিচেম্বৰত ছেমি ফাইনেল দুখন অনুষ্ঠিত হ'ব । তৃতীয় স্থানৰ বাবে ১৭ ডিচেম্বৰত ছেমি ফাইনেলত বিজেতা দল দুটাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব ।