নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ:এতিয়া সমগ্ৰ বিশ্বত ফিফা বিশ্বকাপ ২০২২ জ্বৰ (FIFA world cup 2022)৷ যোৱা 20 নৱেম্বৰৰ কাটাৰত আৰম্ভ হৈছে ফিফা বিশ্বকাপ (FIFA World Cup 2022 Football News)৷ অহা 18 ডিচেম্বৰত শেষ হ’ব বিশ্বকাপ ৷ যোৱা 17 নৱেম্বৰ অৰ্থাৎ দেওবাৰে ক্ৰোৱেছিয়া আৰু কানাডাৰ মাজত মুখামুখি খেল হৈছিল । এই খেলখনত ক্ৰোৱেছিয়াই কানাডাক ৪-১ গ'লত পৰাস্ত কৰে যদিও কিন্তু এই খেলখনত আলফনচো ডেভিডে কানাডাৰ হৈ ইতিহাস সৃষ্টি কৰে (Canadian player Alphonso Davies)।
ক্ৰোৱেছিয়াৰ বিৰুদ্ধে খেল আৰম্ভণিৰ প্ৰথমটো মিনিটতেই কানাডাই প্ৰথমটো গ'ল কৰিছিল ৷ তাৰ পিছতে আলফনচো ডেভিছে দ্বিতীয় মিনিটত গ'ল কৰে ৷ উল্লেখেয যে কানাডৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ আলফনচো ডেভিছে জীৱনৰ এটা সময় শৰণাৰ্থী শিবিৰত আৰম্ভ হৈছিল ৷ তেওঁ কানাডাৰ হৈ বিশ্বকাপৰ ইতিহাসত গ'ল কৰা প্ৰথমজন খেলুৱৈ। ইয়াৰ পূৰ্বে কানাডাৰ দলটোৱে ১৯৮৬ চনৰ বিশ্বকাপত তিনিখন খেল খেলিছিল, কিন্তু এটাও গ'ল কৰিব পৰা নাছিল ৷