নিউজ ডেস্ক, 20 ডিচেম্বৰ: মৃত্যু এক শ্বাস্বত সত্য, যাৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাই ৷ এই পৃথিৱীত আমি কেতিয়া জন্ম ল’ম আৰু কেতিয়া ইয়াৰ পৰা চিৰবিদায় মাগিম সেয়া আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ ৷ কেতিয়াবা এনেকুৱাও হয়, কিছু মুহূৰ্ত আগলৈকে আমাৰ লগত কথা পাতি থকা মানুহ এজনে হঠাতে হেৰাই যায় ৷ যি মৃত্যুৱে আমাক হতচকিত কৰি তোলে ৷ এগৰাকী মহিলাৰ মৃত্যুৱে মঙলবাৰে নিশা আচৰিত কৰি তুলিলে তেওঁৰ আশে-পাশে থকা কেইবাগৰাকীও লোকক ৷ ঘটনাটো ঘটিল এখন বিমানত ৷
ইণ্ডিগ’ৰ ফ্লাইট নং 6E-5226 এ মঙলবাৰে নিশা 12.45 বজাত ৰাজস্থানৰ জয়পুৰৰ পৰা উৰণ আৰম্ভ কৰিছিল মুম্বাই অভিমুখে ৷ ৰাণৱে’ৰ পৰা আকাশলৈ উৰা মৰাৰ প্ৰায় 40 মিনিট পিচত বিমানখন পুনৰ উভতি আহে জয়পুৰ বিমান বন্দৰলৈ ৷ কাৰণ বিমানখনত যাত্ৰা কৰা এগৰাকী মহিলা হঠাৎ অসুস্থ হৈ পৰে ৷
উৰন্ত বিমানখনৰ ভিতৰত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা গম্ভীৰ হৈ পৰাত বৈমানিকে পুনৰ বিমানখন জয়পুৰলৈ ওভতাই আনি জৰুৰী অৱতৰণ কৰায় ৷ তাৰ পিচতেই ৰেণু জৈন নামৰ মহিলাগৰাকীক এম্বুলেন্সৰ সহায়ত হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু বিমান বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, মহিলাগৰাকীৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ 6E-5226 বিমানখনে আন যাত্ৰীসকলক লৈ বুধবাৰে পুৱা পুনৰ মুম্বাই অভিমুখে যাত্ৰা কৰে ৷