নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী: এফডিএ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় অপৰাধ শাখাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কৰ্ণাটকৰ আৰক্ষী কনিষ্ঠবল মুস্তাক কোৱাটি নায়কক । অসামৰিক অধিকাৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ বাংগালুৰু শাখাত নায়ক কৰ্মৰত হৈ আছিল । ফাৰ্ষ্ট ডিভিজন এছিছটেণ্টছ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ কেলেংকাৰীৰ অভিযুক্ত ছানা বেদীৰ পৰা হোৱাটছএপযোগে নায়কে প্ৰশ্নকাকত লাভ কৰিছিল ।
ছানা বেদী কৰ্ণাটক লোক সেৱা আয়োগৰ নিয়ন্ত্ৰণ শাখাত ষ্টেন'গ্ৰাফাৰ হিচাপে কৰ্মৰত হৈ আছিল । দুয়োজনে হোৱাটছযোগে এই বিষয়ে আলোচনা কৰিছিল আৰু কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছতে নায়কে হাৱেৰীৰ পৰা পলায়ন কৰে । নায়কে হাৱেৰী জিলাৰ আগাড়ী গাঁৱত কাম কৰি আছিল আৰু কেন্দ্ৰীয় অপৰাধ শাখা জেৰা চলাইছিল । এই ঘটনাৰে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় অপৰাধ শাখাই পূৰ্বে ১৪ জন লোকক আটক কৰিছিল । ইয়াৰে এজনে নিজকে বাণিজ্যিক কৰ পৰিদৰ্শক হিচাপে চিনাকী দিছিল ।