অসম

assam

ETV Bharat / bharat

FD Interest Rates : স্থায়ী জমাৰ সুতৰ হাৰ বৃদ্ধিৰ সম্ভাৱনা, চাওক বিকল্প - non banking financial companies

বেংকবোৰে গ্ৰাহকসকলক প্ৰলোভিত কৰিবলৈ ফিক্সড ডিপজিট বা স্থায়ী জমাৰ (fixed deposits, FD) ওপৰত সুতৰ হাৰ আৰু বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । কিয়নো আৰবিআয়ে (RBI) মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ ৰেপো ৰেট (repo rate) বৃদ্ধি কৰিছে । চৰকাৰী বেংকবোৰে সুতৰ হাৰ সামান্য বৃদ্ধি কৰে । আনহাতে, সৰু বেংকবোৰে বিপজ্জনক হ'লেও অধিক সুতৰ হাৰ আগবঢ়ায় । AAA ৰেংকিংপ্ৰাপ্ত এনবিএফচিবোৰক (AAA rated NBFCs) ৭.৫ শতাংশলৈকে আৰু AA ৰেটিঙক (AA rated NBFCs) ৮ শতাংশ হাৰ দিছে । চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে এই বিকল্পবোৰ বিবেচনা কৰক ।

FD
FD

By

Published : Dec 2, 2022, 2:23 PM IST

নিউজ ডেস্ক, ২ ডিচেম্বৰ : মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ আৰবিআয়ে ৰেপো ৰেট বৃদ্ধি কৰিছে (RBI hiked repo rate) । ইয়াৰ ফলত বেংকৰ ঋণৰ হাৰ বৃদ্ধি হোৱাৰ লগতে ফিক্সড ডিপজিট বা স্থায়ী জমাৰ (fixed deposits, FD) সুতৰ হাৰ বৃদ্ধি হৈছে । এয়া কৰা হৈছে বজাৰৰ পৰা ধন অহাৰ পথ মুকলিৰ বাবে । সেয়েহে FD সুতৰ হাৰ আৰু অলপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । এই মুহূৰ্তত বহুতো বেঙ্কে বাৰ্ষিক সুতৰ হাৰ 7 শতাংশৰ ওপৰত প্ৰদান কৰে । কিছুমানে ৮ শতাংশ অতিক্ৰম কৰিছে । তেনে ক্ষেত্ৰত FD বাছনি কৰাসকলে কি কৰা উচিত ? এবাৰ চাওঁ আহক ।

উচ্চ ৰিটাৰ্ণত (High returns) থাকে উচ্চ বিপদাশংকা । নিশ্চিত ৰিটাৰ্ণ বিচৰাসকলৰ বাবে আটাইতকৈ বেছি পছন্দৰ FD বাছনি কৰোঁতে একেই ঘটনা ঘটে । কিন্তু ইয়াত বাধাটো হৈছে উচ্চ সুতৰ হাৰৰ সৈতে সম্পৰ্কিত বিপদাশংকাৰ কাৰক । কিছুমান বেংকক অতি সুৰক্ষিত বুলি গণ্য কৰা হয় । কিন্তু তেওঁলোকে অতি কম সুতৰ হাৰ পৰিশোধ কৰে । চৰকাৰী আৰু ডাঙৰ ব্যক্তিগত বেংকৰ ক্ষেত্ৰতো এইটো তেনেকুৱায়ে ।

আনহাতে, সৰু বেংকবোৰে নগদ ধন সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰি আছে, যাৰবাবে অধিক সুতৰ হাৰ আগবঢ়ায় । স্বাভাৱিকতে ইয়াত বিপদাশংকাও অধিক । সকলোৱে কয় যে যিহেতু মুদ্ৰাস্ফীতিয়ে চাপ প্ৰয়োগ কৰি আছে, সেয়ে জমাবোৰে অধিক সুত নাপাব । এনে সকলো বিষয় মনত ৰাখিব লাগিব । জমাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ দ্বাৰা স্বীকৃত সকলো বাণিজ্যিক বেংকত 5 লাখ টকালৈকে বীমা প্ৰযোজ্য । সেয়েহে এই সীমালৈকে সকলো বাণিজ্যিক বেংকত জমা সুৰক্ষিত ।

বহুতো নতুন প্ৰজন্মৰ ক্ষুদ্ৰ বিত্তীয় বেঙ্ক (small finance banks, SFB) কাঠফুলাৰ দৰে গঢ়ি উঠিছে । উক্ত বেঙ্কবোৰে 7.25 শতাংশৰ ওপৰত FD-ত উচ্চ সুতৰ হাৰ আগবঢ়ায় । সূৰ্যোদয়া এছএফবিয়ে (Suryodaya SFB) ৯৯৯ দিনৰ কাৰ্যকালৰ বাবে ৮.০১ শতাংশ আগবঢ়ায় । উজ্জীৱন এছএফবিয়ে (Ujjeevan SFB) ৫৬০ দিনৰ জমাৰ ওপৰত ৮ শতাংশ সুত আৰু জ্যেষ্ঠ নাগৰিকক ৮.৭৫ শতাংশ সুত প্ৰদান কৰে । এইটো ক'ব পাৰি যে বৰ্তমান FD সুতৰ হাৰৰ ভিতৰত এইটো সৰ্বাধিক ।

যেতিয়া চৰকাৰী বেঙ্কবোৰে FD-ৰ হাৰ বৃদ্ধি কৰে, তেতিয়া তেওঁলোকে এনে বৃদ্ধি সামান্য পৰিমাণত কৰে । শেহতীয়াকৈ কিছুমান চৰকাৰী বেঙ্কে বিভিন্ন কাৰ্যকালৰ বাবে সুতৰ হাৰ 7 শতাংশলৈকে বৃদ্ধি কৰিছে । ৫৯৯ দিনৰ পৰা ৭৭৭ দিনলৈ কাৰ্যকালৰ বাবে বিশেষ হাৰ আগবঢ়োৱা হয় । 60 বছৰৰ ওপৰৰ লোকসকলক 50 বেছিছ পইণ্টৰ প্ৰিমিয়াম আগবঢ়োৱা হয় । কিছুমান বেংকে দুবছৰৰ পিছত জমাৰ ওপৰত ৬.২৫ শতাংশ সুত আগবঢ়ায় ।

১২ টা চৰকাৰী বেংকৰ ভিতৰত দহটায়ে নিৰ্বাচিত কাৰ্যকালত ৬.০ শতাংশ বা ততোধিক সুতৰ হাৰ আগবঢ়াইছে । এই বছৰ জমাৰ সুতৰ হাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সকলো বেংকে সুতৰ হাৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । ডাকঘৰৰ পাঁচ বছৰীয়া জমাৰ হাৰ হৈছে ৬.৭০ শতাংশ । অৱশ্যে যদিও বেঙ্কৰ সুতৰ হাৰ বৃদ্ধি হৈ আছে, কিন্তু ডাকঘৰৰ জমাৰ হাৰ বৃদ্ধি হোৱা নাই ।

অনা-বেঙ্কিং বিত্তীয় কোম্পানী (non banking financial companies, NBFC) আৰু গৃহ ঋণ প্ৰতিষ্ঠানবোৰে পুঁজি সংগ্ৰহ কৰে যদিও কৰ্প'ৰেট FD-বোৰৰ বাবে বীমা প্ৰযোজ্য নহয় । কৰ্প'ৰেটবোৰে সাধাৰণতে বেংকৰ তুলনাত অধিক সুত পৰিশোধ কৰে । কিন্তু ক্ৰেডিট ৰেটিঙৰ ওপৰত ভিত্তি কৰি সেইবোৰত বিনিয়োগ কৰিবনে নাই সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে । AAA rating থকাসকলে 7.50 শতাংশলৈকে সুত দিয়ে আৰু AA rating থকাসকলে অলপ বেছি 8.0 শতাংশলৈকে পৰিশোধ কৰে । স্বাভাৱিকৰ দৰে জ্যেষ্ঠ নাগৰিকসকলে 25 ৰ পৰা 50 বেছিছ পইণ্টলৈকে অধিক সুতৰ হাৰ লাভ কৰে ।

ব্যক্তিগত বেংকৰ জমাৰ হাৰ বিভিন্ন সময়ৰ বাবে ৬.০ শতাংশৰ ওপৰত আছিল । কিছুমান বেংকে জ্যেষ্ঠ নাগৰিকসকলক ৮.২৫ শতাংশলৈকে পৰিশোধ কৰি আছে । বৃহৎ ব্যক্তিগত বেংকসমূহেও সাম্প্ৰতিক সময়ত সুতৰ হাৰ বৃদ্ধি কৰি আহিছে । এতিয়া এইবোৰৰ বেছিভাগেই ৬.৫০ শতাংশলৈকে উৎপাদন কৰি আছে । আমি দেখা পাওঁ যে এইবোৰে সাধাৰণতে ৰাজহুৱা খণ্ডৰ বেংকবোৰক অনুসৰণ কৰে । কিছুমান বিদেশী বেংকেও ৭.২৫ শতাংশলৈকে সুত আগবঢ়ায় ।

FD-ৰ সুতৰ হাৰ বৰ্তমান বৃদ্ধি হৈ আছে । কিন্তু কিমান সময়লৈকে কৰিব তাত সন্দেহ আছে । আপোনাৰ পৰিমাণ বিভাজন কৰি সময়ে সময়ে FD-ত বিনিয়োগ কৰাটো ভাল । কেতিয়াবা 7.50-8.00 শতাংশ সুতৰ অৰ্থ হৈছে ভাল লাভ । যদি আপুনি ইয়াত সন্তুষ্ট, আপুনি কিছু পৰিমাণে জমা কৰিব পাৰে । বাকী থকা পৰিমাণবোৰ FD-ৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে বিনিয়োগ কৰিব পাৰি । এই ৰণনীতিৰ দ্বাৰা আপুনি সুতৰ হাৰৰ তাৰতম্যৰ বিষয়ে চিন্তা কৰিব নালাগে ।

লগতে পঢ়ক :End of the financial year : বিত্তীয় বৰ্ষ সমাপ্তিৰ পূৰ্বে সঠিক দিশত বিনিয়োগ কৰক

For All Latest Updates

ABOUT THE AUTHOR

...view details