আগৰতলা, 30 জানুৱাৰী : সমগ্ৰ দেশতে অব্যাহত আছে কভিড-19 ৰ টীকাকৰণ প্ৰক্ৰিয়া ৷ এনে সময়তে কেইবাখনো জিলাত কভিড-19 ভেকচিন নষ্ট হোৱা খবৰও প্ৰকাশ পাইছে ৷
উত্তৰ-পূৰ্বাঞ্চলৰ এখন পাহাৰীয়া ৰাজ্য ত্ৰিপুৰাত দেশৰ ভিতৰত সৰ্বাধিক কভিড ভেকচিন নষ্ট হোৱাৰ তথ্য প্ৰকাশ পাইছে ৷ কভিড ভেকচিন প্ৰদানৰ ডাটা গ্ৰহণত কিছু বিসংগতি হোৱাৰ বাবে কিছু পৰিমাণে ভেকচিন নষ্ট হৈছে বুলি তথ্য প্ৰকাশ কৰিছে এনএইচএম(National Health Mission)য়ে ৷
এনএইচএমৰ তথ্য অনুসৰি ৰাজ্যখনত প্ৰায় 11 শতাংশ কভিড ভেকচিন নষ্ট হৈছে ৷ এই সন্দৰ্ভত এনএইচএমৰ সঞ্চালক সিদ্ধাৰ্থ শিৱ জেইচৱালে কয়, প্ৰাথমিক সন্ধানত দেখা গৈছে ভেকচিন প্ৰদানকাৰীয়ে ভেকচিল লওঁতা সকলৰ ডাটা গ্ৰহণ কৰে বা সংৰক্ষণ কৰে ৷ এই ডাটা সংৰক্ষণ কৰোতে কিছু ক্ষেত্ৰত বিসংগতি ৰৈ যোৱাৰ বাবে ভেকচিন সমূহ নষ্ট হোৱা বুলি মন্তব্য প্ৰকাশ কৰে সিদ্ধাৰ্থ শিৱ জেইচৱালে ৷