অসম

assam

ETV Bharat / bharat

Sachin Pilot on his father death anniversary: পিতৃয়ে দেখুওৱা পথেৰে যাব বিচাৰে শচীন পাইলটে - Fathers death anniversary Pilot

একাংশ দলীয় কৰ্মীয়ে আশা কৰা ধৰণে নতুন দলৰ ঘোষণা নকৰিলে শচীন পাইলটে (Sachin Pilot)। পিতৃৰ মৃত্যু বাৰ্ষিকীত বিশেষ মন্তব্য পাইলটৰ । দুৰ্নীতিৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট পাইলটৰ ।

Sachin Pilot on his father death anniversary
পিতৃয়ে দেখুওৱা পথেৰে যাব বিচাৰে শচীন পাইলটে

By

Published : Jun 11, 2023, 9:03 PM IST

নেশ্যনেল ডেস্ক, ১১ জুন :অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ বিবাদক লৈ চৰ্চা চলি থকাৰ মাজতে নিজকে দুৰ্নীতি বিৰোধী বুলি দাবী কৰিলে কংগ্ৰেছ নেতা শচীন পাইলটে । পিতৃ ৰাজেশ পাইলটৰ মৃ্ত্যু বাৰ্ষিকী উপলক্ষে দৌচাত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে শচীন পাইলটে (Sachin Pilot on his father death anniversary)। গেহলট চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি থকা নেতাগৰাকীয়ে পুনৰ এবাৰ দুৰ্নীতি বিৰোধী স্থিতি স্পষ্ট কৰে ।

শচীন পাইলটে দাবী কৰা মতে তেওঁ যুৱসকলৰ বাবে এক উন্নত ভৱিষ্যতৰ বাবে মাত মাতি আহিছে । মানুহে সদায় তেওঁক সমৰ্থন কৰি আহিছে বুলিও তেওঁ কয় । শচীন পাইলটে দাবী কৰা মতে তেওঁৰ কণ্ঠস্বৰ দুৰ্বল নহয় আৰু তেওঁ পিছুৱাই নাযায় । পাইলটৰ মতে তেওঁৰ নীতি স্পষ্ট, তেওঁ পৰিষ্কাৰ ৰাজনীতি বিচাৰে ।

ইফালে শচীন পাইলটে পিতৃ ৰাজেশ পাইলটৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটা টুইট শ্বেয়াৰ কৰিছে । তেওঁ টুইটত কয় যে, পিতৃৰ কৰ্মস্থানৰ প্ৰতি থকা আসক্তি, জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু ৰাজহুৱা কল্যাণৰ প্ৰতি তেওঁৰ সমৰ্পিত কৰ্মশৈলীয়ে তেওঁক পথ দেখুৱাই আহিছে । শচীন পাইলটে উল্লেখ কৰা মতে পিতৃয়ে কেতিয়াও ৰাজহুৱা স্বাৰ্থক সৰ্বাধিক বুলি বিবেচনা কৰি তেওঁৰ নীতিৰ সৈতে আপোচ কৰা নাছিল । সেয়ে তেওঁ পিতৃৰ চিন্তা আৰু আদৰ্শ সদায় অনুসৰণ কৰিব বুলিও উল্লেখ কৰে ।

ইফালে স্বৰ্গীয় ৰাজেশ পাইলটৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে গুজ্জৰ হোষ্টেলত এটা নতুন মূৰ্তিও মুকলি কৰে শচীন পাইলটে । ইফালে বহুতে সন্দেহ কৰিছিল যে, এই দিনটোতে শচীন পাইলটে নতুন দলৰ ঘোষণা কৰিব কিন্তু বহুতে ভৱা ধৰণে কথাবোৰ নহ'ল ।

প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে নিজৰ স্থিতি সুৰক্ষিত ৰাখি গেহলটৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ কৰা নাছিল বা নতুন দলৰো কোনো ইংগিত দিয়া নাছিল । অনুমান কৰা হৈছে যে তেওঁ ৰাজস্থানত নিৰ্বাচনৰ বাবে ৬ মাহ বাকী থকা সময়ত এটা নতুন দল আৰম্ভ কৰিব পাৰে । কিন্তু কংগ্ৰেছ দলে অৱশ্যে নতুন দলৰ বিষয়টো উৰা বাতৰি বুলি দাবী কৰিছে (Sachin Pilot New party controversy)।

ইয়াৰ পূৰ্বে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে গেহলট আৰু পাইলটৰ মাজৰ শীতল যুদ্ধ বন্ধ কৰাৰ প্ৰয়াস কৰিছিল । যোৱা সপ্তাহত এখন বৈঠকৰ পাছতে দলটোৱে ঘোষণা কৰিছিল যে, দুয়োগৰাকী নেতাই আগন্তুক বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজিবলৈ সন্মত হৈছে ।

লগতে পঢ়ক :Lok Sabha Election 2024 : বিজেপিয়ে টিকট নিদিব হেমা মালিনীক !

ABOUT THE AUTHOR

...view details