অসম

assam

ETV Bharat / bharat

Happy Father's Day 2023: প্ৰতিগৰাকী পিতৃৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন - পিতৃ দিৱস

১৮ জুনত পিতৃ দিৱস পালন কৰা হয় । আহক জানো এই দিৱস কিয় পালন কৰা হয়, এই দিৱসৰ মহত্ব, তাৎপৰ্য তথা বিষয়বস্তু সম্পৰ্কে জানো আহক ৷

Happy Father's Day 2023
প্ৰতিগৰাকী পিতৃৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন

By

Published : Jun 18, 2023, 8:01 AM IST

পিতৃ দিৱস 2023

পিতৃ, ৰ’দ বতাহ বৰষুণৰ পৰা নিজৰ পৰিয়ালটোক আশ্ৰয়স্থল দিয়াজনেই হৈছে পিতৃ ৷ পিতৃ এই পৃথিৱীৰ এনে এজন ব্যক্তি যিয়ে নিজৰ সন্তানৰ বাবে প্ৰতিখন যুদ্ধত যুঁজিবলৈ সাজু হয় । কেৱল একমাত্ৰ পিতৃয়েই নিজৰ সন্তানক নিজতকৈ ডাঙৰ মানুহ হোৱাটো বিচাৰে । যদিও প্ৰতিটো দিনেই পিতৃৰ বাবে বিশেষ, কিন্তু পিতৃ দিৱস এনে এটা বিশেষ দিন যেতিয়া সন্তানে পিতৃৰ বাবে কিবা এটা বিশেষ কৰাৰ বাবে পৰিকল্পনা কৰে ।

পিতৃ দিৱস 2023

পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱাৰ বাবে পিতৃ দিৱস এক মাধ্যম । পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয় । আজিৰ দিনটোত পিতৃয়ে কৰা অহোপুৰুষাৰ্থ কষ্ট, ত্যাগ,মৰম তথা যত্নৰ বাবে ধন্যবাদ জনাই সন্তানে কেক কাটি উপহাৰ দিয়ে এই দিন উদযাপন কৰে । গোটেই পৰিয়ালটোৱে এই দিনটো এক উৎসৱৰ দৰে উদযাপন কৰে ৷

পিতৃ দিৱসৰ ইতিহাস: ১৯০৭ চনত আমেৰিকাত পোনপ্ৰথমবাৰৰ বাবে বেচৰকাৰীভাৱে পিতৃ দিৱস পালন কৰা হৈছিল । আনহাতে আনুষ্ঠানিকভাৱে ইয়াৰ আৰম্ভণি হৈছিল ১৯১০ চনত । কিন্তু ‘পিতৃ দিৱস’ উদযাপনৰ তাৰিখ সন্দৰ্ভত বিশেষজ্ঞসকলৰ মাজত মতানৈক্য আছে । ইতিহাসবিদসকলৰ মতে, এই দিনটো আৰম্ভ কৰিছিল ছ’নোৰা স্মাৰ্ট ডডে ।

দৰাচলতে ছ’নোৰাৰ মাতৃৰ মৃত্যু হৈছিল সৰুতে আৰু পিতৃ উইলিয়াম স্মাৰ্টে তেওঁক মাতৃ আৰু পিতৃ দুয়োজনৰে মৰম দিছিল । কেপ্তেইন উইলিয়াম জেকচন স্মাৰ্টৰ কন্যা ছ’নোৰাই ১৯০৯ চনৰ ৫ জুনত পিতৃ দিৱস হিচাপে পিতৃৰ ত্যাগ আৰু সংগ্ৰামৰ দিৱস উদযাপন কৰে ।

উল্লেখ্য যে, জেকচন স্মাৰ্টৰ পত্নীৰ মৃত্যুৰ পিছত তেওঁ ছটা সন্তানৰ যত্ন আৰু ডাঙৰ-দীঘল কৰিছিল । তেতিয়া ছ’নোৰাই অনুভৱ কৰিলে যে পিতৃয়ে বহুত ত্যাগ কৰে, গতিকে মাতৃ দিৱসৰ দৰে পিতৃক সন্মান জনাই পিতৃ দিৱস পালন নকৰে কিয় । উইলিয়াম জেকচন স্মাৰ্টৰ জন্মদিন আছিল ৫ জুন ।

এই বৰ্ষত পিতৃ দিৱসৰ অনুমোদন দিয়া হৈছিল:এই দিনটোত পিতৃসকলক সন্মান জনোৱাৰ বাবে ছ’নোৰাই ৫ জুনত বিশ্বজুৰি পিতৃ দিৱসক স্বীকৃতি দিবলৈ স্পকেন মন্ত্ৰী মিত্ৰজোঁটৰ ওচৰত আবেদন জনায় । ১৯২৪ চনত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে লক্ষ্য কৰি পিতৃ দিৱস আনুষ্ঠানিকভাৱে উদযাপন কৰাৰ বাবে অনুমোদন জনায় । সেয়ে ১৯৬৬ চনত প্ৰতি বছৰে জুন মাহৰ তৃতীয়টো দেওবাৰে পিতৃ দিৱসৰ আনুষ্ঠানিক বন্ধৰ দিনো ঘোষণা কৰা হয় ।

২০২৩ চনৰ পিতৃ দিৱসৰ বিষয়বস্তু:২০২৩ চনৰ পিতৃ দিৱসৰ 'Celebrating the greatest heroes of our lives' বিষয়বস্তুৰ ওপৰত উদযাপন কৰা হ’ব । ইয়াত আমাৰ জীৱনত পিতৃৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে । ইয়াৰ উপৰিও ই তেওঁলোকৰ সুৰক্ষামূলক ৰক্ষক আৰু প্ৰদানকাৰী হিচাপে ভূমিকাক প্ৰতিনিধিত্ব কৰে ।

লগতে পঢ়ক:Father's Day 2023: এইবাৰ পিতৃ দিৱস কৰি তোলক বিশেষ, আপোনাৰ পিতৃৰ বাবে কৰক এইসমূহ কাম

ABOUT THE AUTHOR

...view details