নেশ্যনেল ডেস্ক, 23 অক্টোবৰ :বেংগালুৰুৰ পাৰাপ্পানা অগ্ৰহৰাত জঘন্য ঘটনা ৷ প্ৰেমিকৰ সৈতে পলাই যোৱাৰ বাবে কন্যাক হত্যা কৰিলে পিতৃয়ে ৷ মৃত যুৱতীগৰাকী পল্লৱী বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘাতক পিতৃ গণেশক পৰপ্পানা অগ্ৰহৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি, মহীশূৰৰ এইচ.ডি. কোটৰ বাসিন্দা পল্লৱীয়ে ঘৰৰ ওচৰৰ এখন মহাবিদ্যালয়ত পি.ইউ.চি. অধ্যয়ন কৰি আছিল। সেই সময়তে যুৱতীগৰাকী একেখন মহাবিদ্যালয়ৰ এজন যুৱকৰ সৈতে পৰিচয় হয় ৷ দুয়ো ইজনে সিজনৰ প্ৰেমত পৰিছিল। এই কথা যুৱতীগৰাকীৰ পিতৃ গণেশে গম পোৱাৰ পিচতে কন্যাক সতৰ্ক কৰি দিছিল ৷ কিন্তু পিতৃৰ কথা নুশুনি যুৱতীগৰাকীয়ে প্ৰেমিকৰ সৈতে পলাই গৈছিল।
পৰৱৰ্তী সময়ত, যুৱতীগৰাকীৰ আত্মীয়সকলৰ সহায়ত তেওঁক বিচাৰি ঘৰলৈ লৈ অহা হৈছিল ৷ গণেশে কন্যাক সম্পৰ্কীয় এগৰাকী লোকৰ ঘৰত ৰাখিছিল ৷ কিন্তু তাৰ পিচতো পল্লৱীয়ে যুৱকজনৰ সৈতে পুনৰ যোগাযোগ কৰে ৷ এইবাৰ যুৱতীগৰাকীয়ে পুনৰ 14 অক্টোবৰত তেওঁৰ সম্পৰ্কীয়ৰ ঘৰৰ পৰা পলায়ন কৰে ৷