অসম

assam

ETV Bharat / bharat

Groom got bulldozer as dowry: যৌতুকত বুলড'জাৰ দিলে কইনাৰ পিতৃয়ে

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ দেশতে ৰাজ্যখনৰ বুলড'জাৰৰ বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ আকৌ এবাৰ চৰ্চাত আহিছে বুলড'জাৰৰ বিষয়টো ৷ কিন্তু এইবাৰ কোনো নিৰ্বাচন বা ৰাজনীতিৰ বিষয়ক নহয়, এক বিবাহ অনুষ্ঠানক লৈহে চৰ্চাত আহিছে এই বিষয়টো (Groom got bulldozer as dowry) ৷

Groom got bulldozer as dowry
যৌতুকত বুলডোজাৰ দিলে কইনাৰ পিতৃয়ে

By

Published : Dec 17, 2022, 11:56 AM IST

নিউজ ডেস্ক, 17 ডিচেম্বৰ:যৌতুকত ধন-সম্পত্তি, ঘৰ-মাটি তথা ব্যয়বহুল গাড়ী দিয়াটো আপুনি শুনিছে ৷ কিন্তু যৌতুকত বুলড'জাৰ ! হয় ঠিকেই শুনিছে আপুনি; উত্তৰ প্ৰদেশৰ এগৰাকী কইনাৰ পিতৃয়ে জোৱায়েকক যৌতুকত ব্যয়বহুল গাড়ীৰ পৰিবৰ্তে বুলড'জাৰ উপহাৰ দিয়ে(Groom got bulldozer as dowry) ৷ ইয়াৰ পাছতেই ব্যাপক চৰ্চা লাভ কৰিছে এই বিবাহ অনুষ্ঠানে ৷ এই বাতৰিয়ে এতিয়া দখল কৰিছে ছ'চিয়েল মিডিয়াৰ শিৰোনামো ৷

যৌতুকত বুলডোজাৰ দিলে কইনাৰ পিতৃয়ে

উত্তৰ প্ৰদেশৰ সুমেৰপুৰ গাঁৱৰ বাসিন্দা অৱসৰপ্ৰাপ্ত সেনা জোৱান পৰশুৰামৰ কন্যা নেহাৰ বিবাহ ঠিক হয় দৰাৰ যোগেন্দ্ৰ ওৰফে যোগী প্ৰজাপতিৰ লগত ৷ বিবাহৰ দিনা কইনাৰ পিতৃয়ে যৌতুকত দৰা যোগীক দিয়ে এখন বুলড'জাৰ(Groom got bulldozer in marriage) ৷ উত্তৰ প্ৰদেশত যৌতুকত বুলড'জাৰ পোৱাৰ এইটোৱেই প্ৰথম ঘটনা । ইপিনে দৰাক যৌতুকত বুলড'জাৰ দেখি সকলো আচৰিত হয় । সামাজিক মাধ্যমতো তীব্ৰভাৱে ভাইৰেল হয় দৰা যোগীয়ে যৌতুকত পোৱা বুলড'জাৰৰ ফটো আৰু ভিডিঅ' ।

দৰাক কইনাৰ পিতৃয়ে বুলড'জাৰ দিয়া এই ঘটনাই সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বহুতে ইয়াৰ মাজত বিচাৰি পাইছে আমোদো ৷ উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত সমগ্ৰ দেশতে ৰাজ্যখনৰ বুলড'জাৰৰ বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছিল ৷ ৰাজ্যখনত বুলড'জাৰৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছিল । ইয়াৰ পাছতেই এইবাৰ কন্যাৰ পিতৃয়ে জোৱায়েকক যৌতুকত ব্যয়বহুল গাড়ীৰ পৰিবৰ্তে দিয়ে বুলড'জাৰ(Father gave a bulldozer to his daughter as dowry) ৷ এই বাতৰিয়ে এতিয়া দখল কৰিছে ছ'চিয়েল মিডিয়াৰ শিৰোনাম ৷

নেহাৰ স্বামী যোগেন্দ্ৰ ওৰফে যোগী প্ৰজাপতি সৌনখাৰৰ বাসিন্দা তথা নৌসেনা বিষয়া ৷ ইফালে নেহাই সম্প্ৰতি ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাই আছে । ভবিষ্যতে চাকৰি নহ’লেও এই বুলড'জাৰখনে দুয়োকে নিযুক্তি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে নেহাৰ পিতৃ পৰশুৰাম প্ৰজাপতিয়ে ।

লগতে পঢ়ক :Death anniversary while alive : এজনে পালন কৰিলে নিজৰে মৃত্যু দিৱস !

ABOUT THE AUTHOR

...view details