নেশ্যনেল ডেস্ক, 6 জুলাই: এহাল পিতৃ-কন্যাই আকাশ মাৰ্গত ইতিহাস ৰচিলে ( A father-daughter duo has created history in IAF) ৷ বিগত 30 মে’ত হক-১৩২ (Hawk-132)ৰ দৰে ডাঙৰ যুজাৰু বিমানখন একেটা ফৰ্মেচনতে উৰুৱাই এয়াৰ কমোডৰ সঞ্জয় শৰ্মা আৰু তেওঁৰ কন্যা অনন্যাই ভাৰতীয় বায়ুসেনাত সৃষ্টি কৰিলে ইতিহাস (IAF father daughter duo makes history flies in same formation) ৷ বিগত ৩০ মে’ত বায়ুসেনা ষ্টেছন বিদাৰত (Air Force Station Bidar) একেটা ফৰ্মেচনত হক-১৩২ যুঁজাৰু বিমানেৰে উৰা মাৰিছিল পিতৃ-কন্যাৰ যুটিয়ে ।
এয়াৰ কমোডৰ সঞ্জয় শৰ্মাৰ (Air Commodore Sanjay Sharma) ১৯৮৯ চনত IAF ৰ যুঁজাৰু ষ্ট্ৰিমত কমিছন কৰা যুঁজাৰু অভিযানৰ বিস্তৃত অভিজ্ঞতা আছে বুলি IAF য়ে জানিব দিয়ে ৷ তেওঁ মিগ-২১ স্ক্ৱাড্ৰনৰ লগতে ফ্ৰণ্টলাইন যুঁজাৰু ষ্টেচনৰ কমাণ্ড আছিল । আনহাতে, এয়াৰ কমোডৰ সঞ্জয় শৰ্মাৰ কন্যা ফ্লাইং অফিচাৰ অনন্যা শৰ্মাই দ্ৰুত আৰু অধিক উচ্চমানৰ যুঁজাৰু বিমানত স্নাতক হোৱাৰ প্ৰশিক্ষণ লৈ আছে বুলি IAF য়ে জনায় ৷