নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ:উত্তৰ প্ৰদেশৰ ললিতপুৰৰ ধুৰৱাৰা গাঁৱৰ এগৰাকী লোকে বিষপান কৰি আত্মহত্যা কৰে । কিয়নো তেওঁৰ পত্নীয়ে চতুৰ্থবাৰৰ বাবে পুনৰ এগৰাকী কন্য়া সন্তান প্ৰসৱ কৰে ।
কন্য়া সন্তান জন্মাৰ বাবেই আত্মহত্যা পিতৃৰ - কন্য়া সন্তান জন্মাৰ বাবেই আত্মহত্যা পিতৃৰ
চতুৰ্থবাৰৰ বাবে কন্য়া সন্তান জন্ম হোৱাৰ বাবেই উত্তৰ প্ৰদেশত আত্মহত্যা কৰে এগৰাকী লোকে । এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ললিতপুৰৰ ধুৰৱাৰা গাঁৱত ।
![কন্য়া সন্তান জন্মাৰ বাবেই আত্মহত্যা পিতৃৰ কন্য়া সন্তান জন্মাৰ বাবেই আত্মহত্যা পিতৃৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12:12:02:1607150522-9768980-ambulance.jpg)
কন্য়া সন্তান জন্মাৰ বাবেই আত্মহত্যা পিতৃৰ
বিনোদ আহিৰৱাৰ, তেওঁ এগৰাকী কৃষক পৰিয়ালৰ সদস্য । যাৰ আকাংক্ষা আছিল এটি পুত্ৰ সন্তান লাভৰ । তেনে ক্ষেত্ৰত চতুৰ্থ গৰাকী কন্যা সন্তানৰ জন্মৰ পাচত তেওঁ ভাগি পৰে আৰু আত্মহত্যাৰ পথ বাছি লয় । চাৰিগৰাকীকৈ কন্যা সন্তান থকাৰ বাবে হতাশাত ভূগিছিল লোকজনে । যাৰ বাবে তেওঁ এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে ।
লগতে পঢ়ক:মালিগাঁৱত পৰকীয়া প্ৰেমৰ বাবেই পত্নীক নিৰ্যাতন স্বামীৰ