নিউজ ডেস্ক, 28 জানুৱাৰী : পূৰ্বৰ পৰাই টোলগেটৰ কৰ আৰু এইবাৰ পুনৰ টোল কৰক লৈ একপক্ষীয় সিদ্ধান্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ৷ যিটো সময়ত ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেটক লৈ বিভিন্ন বিতৰ্কৰ সূত্ৰপাত হৈছে তেনে সময়তে পুনৰবাৰে টোলকৰ দুগুণ বৃদ্ধিৰ সিদ্ধান্তই আচৰিত কৰি তুলিছে সাধাৰণ জনতা ৷ অৱশ্যে এয়া সকলোৰে বাবে নহয় ৷
দৰাচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় সঞ্চালক আলোক কুমাৰে বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত তেওঁ আগন্তুক 15 ফেব্ৰুৱাৰীৰ পৰা সকলো বাহনৰ বাবে টোলকৰ প্ৰদানৰ ক্ষেত্ৰত ফাষ্টটেগৰ দ্বাৰা লেনদেন বাধ্যতামুলক কৰা হৈছে বুলি জনায় ৷ আইচিআইচিআই বেংকে প্ৰদান কৰা এই ফাষ্টটেগৰ দ্বাৰা টোলগেটত ডিজিটেল মাধ্যমেৰে সংগ্ৰহ কৰা হ’ব টোলকৰ ৷ এই ফাষ্টটেগ হৈছে এক বৈদ্যুতিক ষ্টীকাৰ য’ত সন্নিবিষ্ট হৈ থকা চীপে টোলগেটৰ কেমেৰাক বাহনৰ গৰাকীৰ বেংক একাউন্টৰ পৰা পোনপটীয়াকৈ কৰ সংগ্ৰহ কৰাত সহায় কৰে ৷ ইয়াৰ ফলত এতিয়াৰে পৰা আৰু টোলগেটত কৰ দিবৰ বাবে আপুনি ৰৈ থাকিব নালাগে ৷ কিন্তু যদিহে আপোনাৰ বাহনত ফাষ্টটেগ নাই তেতিয়া আপুনি ভৰিব লাগিব দুগুন জৰিমনা ৷