অসম

assam

ETV Bharat / bharat

প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা কৰ’ণাত আক্ৰান্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সদস্য ড৹ ফাৰুক আব্দুল্লা কৰ’ণাত আক্ৰান্ত হৈছে ৷ উদ্বেগজনকভাৱে ৰাজ্যখনত বিগত এসপ্তাহত মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।

farooq-abdullah-tests-positive-for-covid
প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই কোভিদ-১৯ পজিটিভ

By

Published : Mar 30, 2021, 4:06 PM IST

নেশ্যনেল ডেস্ক,30 মাৰ্চ :প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ সদস্য ড৹ ফাৰুক আব্দুল্লা কৰ’ণাত আক্ৰান্ত হৈছে ৷ কোভিড-১৯ ৰ কিছুমান আনুষংগিক লক্ষণ দেখা দিয়াত আব্দুল্লাৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ এই পৰীক্ষাত ক’ভিড আক্ৰান্ত বুলি নিশ্চিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ এই কথা পুত্ৰ ওমৰ আব্দুল্লাই টুইটযোগে প্ৰকাশ কৰে ৷ বৰ্তমান পৰিয়ালৰ লোকসকলে আন লোকৰ পৰা আছুতীয়াকৈ থকাৰ কথা জানিব পৰা গৈছে ৷

পৰিয়ালটোৰ সংস্পৰ্শলৈ অহা যিকোনো লোকক সকলো সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায় ৷ এই মাহৰ আৰম্ভণিতে ফাৰুক আব্দুল্লাই শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এছকেআইএমএছ)ত প্ৰথমটো কোভিড প্ৰতিষেধক লৈছিল । উদ্বেগজনকভাৱে মহামাৰীত আক্ৰান্তৰ সংখ্যা ৰাজ্যখনত বৃদ্ধি পাইছে ।

লগতে পঢ়ক :অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নিৰ্বাচনী সজাগতা সভা

ABOUT THE AUTHOR

...view details