নেশ্যনেল ডেস্ক, ১ নৱেম্বৰ: অধিক শক্তিশালী হ'ব কৃষক আন্দোলন । বিগত বৰ্ষৰ ২৬ নৱেম্বৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি অহা অক্লান্ত কৃষকে এতিয়াও নিজৰ স্থিতিতে অটল আছে । উৎকট গৰম, ঠেৰেঙা লগা জাৰ একোৱে কৃষকৰ মনোবল কম কৰিব পৰা নাই । কেন্দ্ৰীয় চৰকাৰে সংশোধন আৰু প্ৰণয়ন কৰা ৩ খন কৃষি আইন বাতিলৰ দাবীৰে দিল্লী সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকে ।
আনহাতে, কেন্দ্ৰীয় চৰকাৰেও কৃষকৰ দাবী মানি লোৱাত সন্মত হোৱা নাই । সেয়ে, এইবাৰ অধিক শক্তিশালী ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পণ লৈছে কৃষকসকলে । সোমবাৰে ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকেইটে টুইটযোগে সকীয়নি দিয়ে যে, ২৭ নৱেম্বৰৰ পৰা ট্ৰেক্টৰ লৈ দিল্লী সীমান্তৰ বিভিন্ন স্থানত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কৃষকসকলে । কৃষক সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰক নিজৰ সিদ্ধান্ত সলনি কৰাৰ বাবে ২৬ নৱেম্বৰলৈকে সময়সীমা নিৰ্ধাৰণ কৰি দিছে ।
ৰাকেশ টিকেইটে লগতে টুইটত উল্লেখ কৰে যে, ২৭ নৱেম্বৰৰ পৰা গাঁৱৰ কৃষকসকলে ট্ৰেক্টৰ লৈ দিল্লী সীমান্তৰ ভিন্ন স্থানত উপস্থিত হ'ব আৰু প্ৰতিবাদ সাব্যস্ত কৰিব । দেওবাৰে টিকেইটে সকীয়াই দিছিল যে, প্ৰশাসনে যদি প্ৰতিবাদস্থলীত কৃষকৰ টেণ্টবোৰ ভাঙি পেলায়, তেন্তে তেওঁলোকে আৰক্ষী থানা আৰু জিলা দণ্ডাধীশৰ কাৰ্যালয়ত টেণ্ট স্থাপন কৰিব ।