অসম

assam

ETV Bharat / bharat

দেশজুৰি ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি(Ajay Mishra Teni)ক অপসাৰণ কৰাৰ আৰু গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ । দেশজুৰি ৬ ঘণ্টীয়া ৰে'ল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনাইছে সংগঠনটোৱে । উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী(Lakhimpur Kheri)ৰ ঘটনাক লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংযুক্ত কিষাণ মৰ্চাই ।

Farmers Unions call for 'rail roko'
দেশজুৰি ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ সংযুক্ত কিষাণ মৰ্চাৰ

By

Published : Oct 18, 2021, 10:22 AM IST

নেশ্যনেল ডেস্ক, ১৮ অক্টোবৰ: উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । কৃষক সংগঠনসমূহে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি(Ajay Mishra Teni) আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰি আহিছে । সমান্তৰালকৈ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাকৈ বিৰোধী ৰাজনৈতিক দলসমূহেও কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাৰ কোনো সুযোগ এৰি দিয়া নাই । এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰি বিৰোধী দলৰ নেতাই ন্যায়ৰ দাবী কৰা পৰিলক্ষিত হৈছে ।

সোমবাৰে সংযুক্ত কিষাণ মৰ্চাই ৬ ঘণ্টীয়া ৰে'ল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনায় । দেশৰ বিভিন্ন স্থানত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰ টেনি(Ajay Mishra Teni)ক অপসাৰণ কৰাৰ আৰু গ্ৰেপ্তাৰৰ দাবী জনাইছে সংযুক্ত কিষাণ মৰ্চাই । দেওবাৰে কৃষক সংগঠনটোৱে এক বিবৃতি জাৰি কৰি ৰে'ল অৱৰোধ কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনায় । ১৮ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজালৈকে ৰে'ল চলাচল বন্ধ ৰাখিবলৈ আহ্বান জনায় সংগঠনটোৱে ।

ৰে'ল বিভাগৰ সম্পত্তিৰ ক্ষতিসাধন নকৰাকৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সংগঠনটোৱে আহ্বান জনায় । বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে যে অজয় মিশ্ৰ টেনিৰ ভাষণে হিন্দু আৰু শিখসকলৰ মাজত ঘৃণা, শত্ৰুতা আৰু সাম্প্ৰদায়িক বিভেদ বৃদ্ধি কৰিছিল । শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা প্ৰতিবাদকাৰীক মহতিয়াই নিবলৈ মন্ত্ৰীগৰাকীৰ বাহন ব্যৱহাৰ কৰা হৈছিল বুলিও সংগঠনটোৱে অভিযোগ উত্থাপন কৰে ।

লগতে সংগঠনটোৱে অভিযোগ তোলে যে, মন্ত্ৰীগৰাকীয়ে আৰক্ষীয়ে আশীষ মিশ্ৰ টেনিলৈ চমন জাৰি কৰাৰ পাচতো পুত্ৰ আৰু আন সহায়কসকলক সুৰক্ষা প্ৰদানৰ চেষ্টা কৰিছিল । সেয়ে মন্ত্ৰীগৰাকীৰ গ্ৰেপ্তাৰ আৰু অপসাৰণৰ দাবীত সোমবাৰে ৰে'ল অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে সংযুক্ত কিষাণ মৰ্চাই । উল্লেখ্য যে, লখিমপুৰ খেৰীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত চাৰিজন কৃষকসহ মুঠ আঠজন লোকৰ মৃত্যু হৈছিল ।

সংযুক্ত কিষাণ মৰ্চাই অভিযোগ উত্থাপন কৰিছিল যে, আশীষ মিশ্ৰ টেনিয়ে এজন কৃষকক নিজে হত্যা কৰিছিল আৰু আনসকলক কনভয়ে মহতিয়াই নিছিল । অৱশ্যে মন্ত্ৰী টেনিয়ে এই অভিযোগ নস্যাৎ কৰি কৈছিল যে, ঘটনাটো সংঘটিত হোৱা স্থানত তেওঁৰ পুত্ৰ উপস্থিত নাছিল আৰু আশীষেও একেটা কথাকে কৈছিল । পাচত এই গোচৰ সন্দৰ্ভত আশীষ মিশ্ৰ টেনিকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয় । অভিযুক্ত আশীষ মিশ্ৰক যোৱা ১৪ অক্টোবৰত অপৰাধ শাখাত হাজিৰ কৰোৱাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: গ্ৰেপ্তাৰ কৰা হ’ল ক্ৰিকেটাৰ যুৱৰাজ সিং !

ABOUT THE AUTHOR

...view details