নেশ্যনেল ডেস্ক, 16 ডিচেম্বৰ :তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা দেশৰ কৃষকসকলে মঙলবাৰে মন্তব্য কৰে যে, এই আন্দোলন বৰ্তমান এনে এক পৰ্যায়ত উপনীত হৈছে যিটো পৰ্যায়ৰ পৰা তেওঁলোকে যিকোনো প্ৰকাৰে জয়ী হ'বলৈ প্ৰতিজ্ঞাবদ্ধ ৷
তেওঁলোকে কয় যে, বুধবাৰে দিল্লী আৰু নয়দাৰ মাজৰ চিল্লা সীমান্ত সম্পূৰ্ণৰূপে অৱৰোধ কৰা হ'ব ৷ লগতে তেওঁলোকে কয় যে, কৃষি সংঘসমূহে বুজাবুজিৰ সিদ্ধান্তত উপনীত হোৱাৰ পৰা পলাই ফুৰা নাই বৰঞ্চ তেওঁলোকৰ দাবীসমূহ চৰকাৰে মানি লোৱাটো বিচাৰিছে ৷
সিংঘু সীমান্তত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতা জগজীৎ সিং দাল্লেৱালে কয়, "চৰকাৰে কৈছে যে, তেওঁলোকে এই আইনকেইখন প্ৰত্যাহাৰ কৰিব নোৱাৰে, কিন্তু আমি কৈছো যে, এয়া আমি প্ৰত্যাহাৰ কৰাইহে এৰিম ৷"
আন এজন নেতা য়ুধবীৰ সিঙে কয় যে, যিমান বেছি দিনলৈ তেওঁলোক প্ৰতিবাদৰ অংশ হ'ব সিমানেই বেছিকৈ তেওঁলোকৰ প্ৰতিবাদ শক্তিশালী হৈ উঠিব ৷ তেওঁ লগতে কয় যে, চৰকাৰে ইয়াৰ বিপৰীতধৰ্মী চিন্তা ৰাখে যদি এয়া তেওঁলোকৰ ভুল ৷