নয়দা, 29 ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা তিনিখনকৈ কষি আইনৰ বিৰুদ্ধে দেশৰ কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷ যোৱা 28 দিনে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰা কৃষক সকলে সোমবাৰে ৰাতিপুৱা চিল্লা সীমান্তৰ দিল্লী-নয়দা সংযোগী পথৰ ওপৰতে যোগাসন কৰে ৷ কৃষক সকলে প্ৰতিবাদ কৰি থকাৰ সময়তে দিল্লী-নয়দা সংযোগী পথটো বন্ধ হৈ আছিল যদিও বৰ্তমান যাত্ৰীসকলৰ বাবে পথটো খুলি দিয়া হৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই জনাইছে ৷ দলীত প্ৰেৰণা শালত বিকেইউ (লোকশক্তি) আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাৰ পৰা অহা কৃষকসকলে আন্দোলন অব্যাহত ৰখাৰ লগতে গৌতম বুদ্ধ নগৰ জিলা প্ৰশাসনৰ জৰিয়তে প্ৰধান মন্ত্ৰী মোদীলৈ তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷
দিল্লী-নয়দা সংযোগী পথৰ ওপৰতে প্ৰতিবাদকাৰী কৃষকৰ যোগাসন - চিল্লা সীমান্ত
তিনিখনকৈ কষি আইনৰ বিৰুদ্ধে দেশৰ কৃষক সকলে যোৱা 28 দিনে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷ সোমবাৰে ৰাতিপুৱা চিল্লা সীমান্তৰ দিল্লী-নয়দা সংযোগী পথৰ ওপৰতে প্ৰতিবাদকাৰী কৃষকসকলে যোগাসন কৰে ৷

দিল্লী-নয়দা সংযোগী পথৰ ওপৰতে প্ৰতিবাদকাৰী কৃষকৰ যোগাসন
অতিৰিক্ত জিলা দণ্ডাধীশ দিৱাকাৰ সিঙে নয়ডা চিটি মেজিষ্ট্ৰেত উমা শংকৰৰ সৈতে দলীত প্ৰেৰণা শাললৈ গৈ প্ৰতিবাদকাৰী কৃষকসকলৰ লগত মত বিনিময় কৰে ৷ জিলা দণ্ডাধীশ গৰাকীৰ মতে,কৃষকসকলৰ মাজত ভুল তথ্য বিয়পোৱা হৈছে ৷ কৃষকৰ খাজনা আৰু বাণিজ্য আইন 2020,বীমা মূল্য আৰু কৃষি সেৱা অধিনিয়ম 2020 আৰু অত্যাৱশ্যকীয় সামগ্ৰী(সংশোধন) আইন 2020ৰ বিৰোধিতা কৰি বৰ্তমানেও হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বহু কৃষকে দিল্লীৰ সীমান্ত প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷
লগতে পঢ়ক:মঙলবাৰে ইষ্টাৰ্ণ ডিএফচি ট্ৰেক উদ্বোধন কৰিব প্ৰধান মন্ত্ৰীয়ে
Last Updated : Dec 29, 2020, 11:27 AM IST