অসম

assam

ETV Bharat / bharat

কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অধিক তীব্ৰতৰ হ'ব - নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ

26 জানুৱাৰীৰ পূৰ্বে কেন্দ্ৰই নতুন কৃষি আইন বাতিল কৰি কৃষকৰ দাবী মানি ন'ললে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত দিল্লী সীমান্তত অৱস্থান কৰা প্ৰতিবাদী কৃষকৰ ৷ দাবী মানি ন'ললে গণৰাজ্য দিৱসৰ দিনটোত দিল্লীত টেক্টৰ লৈ কিষাণ পেৰেড কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত ৷ 15 জানুৱাৰীত কেন্দ্ৰৰ সৈতে পৰৱৰ্তী আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ৷

Farmers' stir LIVE: Farmer leaders devise strategy ahead of Jan 15 talks
কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত বিদ্ৰোহী কৃষকৰ

By

Published : Jan 11, 2021, 7:03 PM IST

নেচনেল ডেস্ক, 11 জানুৱাৰী:নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ কৰি গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে দিল্লী সীমাত অৱস্থান কৰা প্ৰতিবাদী কৃষকে ৷ 15 জানুৱাৰীত কেন্দ্ৰৰ সৈতে পৰৱৰ্তী বৈঠক অনুষ্ঠিত হোৱাৰ সিদ্ধান্তৰ মাজতে দেওবাৰে বিভিন্ন কৃষক সংগঠনৰ নেতা সকলে প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ কৰি তোলাৰ কৌশল সন্দৰ্ভত আলোচনা কৰে ৷

দেওবাৰে দিল্লী সীমাৰ সিংঘু, টিক্ৰি আৰু গাজিপুৰ সীমাত অব্যাহত কৃষকৰ প্ৰতিবাদে 46 দিন অতিক্ৰম কৰে ৷ দিল্লীৰ সিংঘু সীমাত চলি থকা প্ৰতিবাদত 26 নৱেম্বৰৰ পৰা জড়িত হৈ থকা পঞ্জাৱৰ কৃষক নেতা সুখপল সিঙে কয় সংযুক্ত কৃষক মৰ্চাৰ এখন সভাত কৃষক নেতা সকলে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

পঞ্জাৱৰ অন্য এগৰাকী কৃষক নেতা তথা ভাৰতীয় কিষাণ ইউনিয়ন সাধাৰণ সম্পাদক হৰিন্দৰ সিঙে কয় যে কেন্দ্ৰৰ সৈতে পাছৰ লানি বৈঠক সন্দৰ্ভত কৃষকসকলে নিজৰ মাজত আলোচনা কৰিছে আৰু চৰকাৰে তিনি নতুন কৃষি আইন বাতিল নকৰালৈকে আৰু আইনৰ জড়িয়তে শস্যৰ বাবে এমএচপি গেৰাণ্টি প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব ৷

কৃষকসকলে জানিবলৈ দিয়ে যে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলাকে আদি কৰি 26 জানুৱাৰীত দিল্লীত সাব্যস্ত কৰিব লগীয়া প্ৰতিবাদৰ প্ৰস্তুতি আদি বিভিন্ন বিষয়ত তেওঁ লোকৰ মাজত আলোচনা চলি আছে ৷

কৃষক সংগঠন সমূহে সকীয়াই দিয়ে যে যদিহে 26 জানুৱাৰীৰ পূৰ্বে কেন্দ্ৰই তেওঁলোকৰ দাবী দুটা মানি ল'বলৈ অস্বীকাৰ কৰে তেন্তে তেওঁলোকে গণৰাজ্য দিৱসৰ দিনটোত নতুন দিল্লীত টেক্টৰ লৈ কিষাণ পেৰেড কৰি প্ৰতিবাদ সাব্যস্ত কৰিব ৷ টেক্টৰ লৈ প্ৰতিবাদ কৰাৰ উপৰিও কৃষক সংগঠন সমূহে বহুকেইটা প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৷

লগতে পঢ়ক:প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি অহা কৃষকৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details