অসম

assam

ETV Bharat / bharat

চৰকাৰে নিমন্ত্ৰণ জনালে পুনৰ আলোচনাৰ বাবে সাজু কৃষক: ভাৰতীয় কৃষক সংঘ - হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজ

কৃষি আইন সন্দৰ্ভত যদি কেন্দ্ৰই কৃষকসকলক আলোচনাৰ বাবে নিমন্ত্ৰণ জনাই, তেন্তে প্ৰতিবাদী কৃষকসকলে কেন্দ্ৰৰে কথা পাতিবলৈ সাজু বুলি মন্তব্য ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকাইটৰ । কিন্তু তেওঁলোকৰ দাবী একেই থাকিব বুলি কয় টিকাইটে ।

চৰকাৰে আমন্ত্ৰণ জনালে পুনৰ আলোচনাৰ বাবে সাজু কৃষকঃ টিকাইট
চৰকাৰে আমন্ত্ৰণ জনালে পুনৰ আলোচনাৰ বাবে সাজু কৃষকঃ টিকাইট

By

Published : Apr 12, 2021, 5:58 PM IST

নেশ্যনেল ডেস্ক, ১২ এপ্ৰিল: বহু বিতৰ্কিত নতুন কৃষি আইন সন্দৰ্ভত পুনৰ মন্তব্য আগবঢ়াইছে ভাৰতীয় কৃষক সংঘৰ নেতা ৰাকেশ টিকাইটে । এই কৃষি আইন সন্দৰ্ভত যদি কেন্দ্ৰই কৃষকসকলক আলোচনাৰ বাবে নিমন্ত্ৰণ জনাই, তেন্তে প্ৰতিবাদী কৃষকসকলে কেন্দ্ৰৰে কথা পাতিবলৈ সাজু বুলি দেওবাৰে এইদৰে মন্তব্য কৰে টিকাইটে ।

এই সন্দৰ্ভত ভাৰতীয় কৃষক সংঘৰ মিডিয়া প্ৰভাৰী ধৰ্মেন্দ্ৰ মালিকে জাৰি কৰা এক বিবৃতিত টিকাইতে কয় যে, ২২ জানুৱাৰীত শেষ হোৱা প্ৰতিবাদৰ পুনৰ আলোচনা আৰম্ভ কৰিবলৈ সাজু কৃষকসকল । কিন্তু তেওঁলোকৰ দাবী একেই থাকিব বুলি কয় টিকাইটে । ইয়াৰ বাবে প্ৰতিবাদী কৃষকসকলক প্ৰতিনিধিত্ব কৰা সংযুক্ত কিষাণ মৰ্চাকো চৰকাৰে আলোচনা কৰিবলৈ নিমন্ত্ৰণ জনোৱা উচিত বুলি কয় কৃষক নেতাগৰাকীয়ে ।

লগতে নিম্নতম সমৰ্থন মূল্য নিশ্চিত কৰিবলৈ এখন নতুন আইন প্ৰণয়ন কৰিব লাগে বুলি দাবী কৰে । দেশত অতিমাৰীৰ দ্ৰুত সংক্ৰমণৰ মাজতে হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজে কৃষি আইন সন্দৰ্ভত কেন্দ্ৰীয় কৃষি মন্ত্ৰীক আলোচনা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনোৱাৰ পাচতে টিকাইটে এই মন্তব্য কৰে ।

উল্লেখ্য যে, বিগত বছৰৰ ২৮ নৱেম্বৰৰ পৰা কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে প্ৰতিবাদ কৰি আহিছিল ।

লগতে পঢ়ক: গুৰুগ্ৰামত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details