নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদৰ এবছৰ সম্পূৰ্ণ (One year of farmers protest) । সমগ্ৰ দেশতে কৃষকসকলে পালন কৰিছে বিশেষ দিনটো (Farmers celebrate first anniversary of their Protest) । দিল্লীৰ সিংঘু, টিক্ৰি আৰু গাজীপুৰ সীমান্তৰ প্ৰতিবাদস্থলীসমূহত এই বিশেষ দিনটোত কৃষকসকলে ভিৰ কৰা দেখা গৈছে ।
আন ৰাজ্যৰ একাংশ কৃষকেও সমদল আৰু প্ৰতিবাদৰ জৰিয়তে বিশেষ দিনটো পালন কৰিছে । ইফালে চৰকাৰে এই বিতৰ্কিত আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Govt decided to repeal farm laws) যদিও এতিয়া বহু স্থানত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । কিয়নো কৃষকসকলৰ এমএছপি সন্দৰ্ভত থকা দাবী এতিয়াও চৰকাৰে মানি লোৱা নাই ।
লক্ষণীয়ভাৱে ভাৰতৰ ইতিহাসত কৃষকৰ প্ৰতিবাদে বিশেষ স্থান লাভ কৰিছে । কিয়নো বিগত প্ৰায় ১২ মাহত এই কৃষক আন্দোলনৰ ফলত বহুতো হিংসাত্মক ঘটনা সংঘটিত হৈছে ।
লখিমপুৰ খেৰীৰ ঘটনাকে ধৰি এই আন্দোলনত প্ৰায় ৭০০ কৃষকে প্ৰাণ হেৰুৱাইছে । তথাপিও আৰক্ষীৰ লাঠী চালনাকে ধৰি প্ৰতিবাদকাৰীক সন্ত্ৰাসবাদী সজোৱালৈ সকলো ক্ষমা কৰিছে কৃষকসকলে । কৃষক আন্দোলনে এবছৰ সম্পূৰ্ণ কৰাৰ লগে লগে (farmers protest complete one year today) প্ৰতিবাদৰ সময়ৰ সেই বিশেষ দিনবোৰক লৈ এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা চলিছে ।
৫ জুন, ২০২০ : কেন্দ্ৰীয় চৰকাৰে কৃষি বিধেয়কৰ প্ৰস্তাৱ দিছিল
১৭ ছেপ্টেম্বৰ, ২০২০ : বিধেয়কখন লোকসভাত অনুমোদন আৰু গৃহীত হৈছিল
২০ ছেপ্টেম্বৰ,২০২০ : বিধেয়কখন ৰাজ্যসভাত অনুমোদন আৰু গৃহীত হৈছিল
২৪ ছেপ্টেম্বৰ,২০২০ : পঞ্জাৱৰ কৃষকসকলে 'ৰেল ৰ'কো আন্দোলন' ঘোষণা কৰে, ৰেল চলাচল ব্যাহত হৈ পৰে
২৫ ছেপ্টেম্বৰ,২০২০ : অখিল ভাৰতীয় কিষাণ সংঘৰ্ষ সমন্বয় সমিতিৰ নেতৃত্বত সমগ্ৰ দেশৰ কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল
২৬ ছেপ্টেম্বৰ,২০২০ : কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে শিৰোমণি অকালি দলে এন ডি এৰ সৈতে মিত্ৰতা ভংগ কৰিছিল
২৭ ছেপ্টেম্বৰ,২০২০ : ৰাষ্ট্ৰপতিয়ে বিধেয়কখনক অনুমোদন জনোৱাৰ পাছতে কৃষি বিধেয়ক আইনলৈ ৰূপান্তৰিত হয়
২৫ নৱেম্বৰ, ২০২০ : পাঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলে প্ৰতিবাদৰ অংশ হিচাপে 'দিল্লী চলো' শীৰ্ষক কাৰ্যসূচী ঘোষণা কৰিছিল কিন্তু দিল্লী আৰক্ষীয়ে অনুমতি দিয়া নাছিল
২৬ নৱেম্বৰ, ২০২০: হাৰিয়ানাৰ পৰা দিল্লীলৈ অহা প্ৰতিবাদী কৃষকসকলক বাধা দিবলৈ আৰক্ষীয়ে আম্বালাত পানী হিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিছিল
২৮ নৱেম্বৰ, ২০২০ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৃষকসকলৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিছিল
৩ ডিচেম্বৰ, ২০২০ : কৃষক আৰু চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ আলোচনাৰ কোনো সমাধান পোৱা নগ'ল
৮ ডিচেম্বৰ, ২০২০ : সমগ্ৰ দেশৰ কৃষকসকলৰ সমৰ্থনত কৃষক সংঘই 'ভাৰত বন্ধ'ৰ আহ্বান জনায়
৯ ডিচেম্বৰ, ২০২০ : কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত কৃষি আইনৰ সংশোধনীসমূহ কৃষক নেতাসকলে অস্বীকাৰ কৰিছিল
১৩ ডিচেম্বৰ,২০২০ : কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে প্ৰতিবাদকাৰী কৃষকসকলক 'সৰু সৰু গেং'ৰ অংশ বুলি অভিযোগ কৰে
৩০ ডিচেম্বৰ, ২০২০ : কৃষক আৰু চৰকাৰৰ মাজত ষষ্ঠ পৰ্যায়ৰ আলোচনাত কিছু সেউজ সংকেত দেখা গৈছিল
৪ জানুৱাৰী, ২০২১ : সপ্তম পৰ্যায়ৰ আলোচনাৰ কোনো ইতিবাচক ফলাফল নাছিল