নেশ্যনেল ডেস্ক, ২৯ মাৰ্চ: কেন্দ্ৰীয় চৰকাৰে সংশোধন আৰু প্ৰণয়ন কৰা ৩ খন কৃষি আইন বাতিলৰ দাবীৰে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে গাজীপুৰ সীমান্তত ফাকুৱা উদযাপন কৰিলে কৃষকসকলে । এই অনুষ্ঠানত অংশ লৈ ভাৰতীয় কৃষক ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকেইতে কৃষি আইন বাতিল কৰিবলৈ চৰকাৰক পুনৰ আহ্বান জনায় । দীপাৱলীৰ পিছত কৃষকৰ সকলো সমস্যা সমাধান হ'ব বুলি আশাবাদী মুখপাত্ৰগৰাকী ।
লগতে তেওঁ কয় যে, ফাকুৱাৰ সময়ত পৰিয়ালৰ পৰা আঁতৰত থাকি ভাল নালাগে । ৰাকেশ টিকেইতৰ পত্নী সুনীতা দেৱীকো কৃষকসকলৰ সৈতে ফাকুৱা উদযাপন কৰা দেখা গৈছিল । আন এগৰাকী কৃষকে কয় যে, তেওঁলোকৰ কৃষক বন্ধুসকল গাজীপুৰ প্ৰতিবাদস্থলীত থকা বাবে তাতেই তেওঁলোকে ৰঙৰ উৎসৱ উদযাপন কৰিছে । তেওঁ কয় যে, প্ৰতিবাদৰ সময়ত প্ৰাণ হেৰওৱা ৩০০ৰো অধিক গৰাকী কৃষকৰ স্মৃতিতো এই ৰঙৰ উৎসৱটি পালন কৰা হৈছে ।