নিউজ ডেস্ক, ৫ জানুৱাৰী: সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা কৃষক নেতাৰ সপ্তমখন বৈঠকতো অমীমাংসিত হৈ থাকিল কৃষকৰ সমস্যা । বাৰে বাৰে বৈঠকৰ আয়োজন কৰি প্ৰতিবাদী কৃষকৰ দাবীক উপেক্ষা কৰাত ক্ষুদ্ধ হৈ পৰিছে কিষাণ কংগ্ৰেছ । আগন্তুক দিনবোৰত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিছে কিষাণ কংগ্ৰেছৰ নেতৃত্বই । আনহাতে, কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাই মঙলবাৰে জয়পুৰৰ পৰা দিল্লীলৈ চাইকেল যাত্ৰা কৰিছে নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অৱ ইণ্ডিয়াই ।
উল্লেখ্য যে, সোমবাৰে বিজ্ঞান ভৱনত কেন্দ্ৰীয় চৰকাৰৰে আলোচনাত মিলিত হয় একাংশ কৃষক নেতা । কিন্তু এই বৈঠকৰ পিছতো দুয়ো পক্ষৰ মাজত বুজাবুজি হোৱা দেখা নগ'ল আৰু অহা ৮ জানুৱাৰীত বৈঠকৰ পৰৱৰ্তী দিন ঘোষণা কৰি দায়িত্ব সামৰিলে চৰকাৰী পক্ষই । সাংবাদিকৰ আগত কিষাণ কংগ্ৰেছৰ উপ-সভাপতি সুৰেন্দ্ৰ সোলাংকিয়ে কয় যে, কৃষক-চৰকাৰৰ সপ্তমখন বৈঠকো ব্যৰ্থ হৈছে । বিগত ৪০ দিনে হাঁড় কপোৱা জাৰতে দিল্লী সীমান্তত অতি কষ্টৰ মাজতো কৃষকসকলে তেওঁলোকৰ অধিকাৰৰ স্বাৰ্থত যুঁজ দি আছে ।